মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service

মৃত্যুৰ প্ৰমাণ পত্ৰৰ কাৰণে আবেদন

  1. এক সংক্ষিপ্ত অৱলোকন : এজন মৃতকৰ পঞ্জীয়ন কৰাটো এক বৈধ প্ৰয়োজনীয় নথি-বস্তু। এইটো কৰাটো প্ৰয়োজনীয়, মৃতকৰ সৎকাৰ সঞ্চালকৰ কাৰণে তথ্য লাভ কৰিবলৈ আৰু মৃতকৰ বৈষয়িক অৱস্থাৰ কথা জনাৰ বাবে।
  2. সামগ্ৰীক ব্যৱস্থাটোৱেই সেৱাৰ কাৰণেই বোৱতি ৰূপ লয়।
  3. প্ৰ-পত্ৰ পুৰাব লাগে।

    মৃত্যুৰ প্ৰমাণ পত্ৰৰ কাৰণে আবেদন পত্ৰ দাখিল

  4. প্ৰ-পত্ৰ ভৰ্তি কৰাৰ কাৰণে নিৰ্দেশাৱলী
    • মৃত্যু পঞ্জীয়ন কৰা হয় ঘটনাটো ঘটাৰ ২১ দিনৰ ভিতৰত
    • আবেদনকাৰীয়ে প্ৰমাণ পত্ৰৰ কাৰেণে আবেদন কৰিব পাৰে উপায়ুক্তৰ কাৰ্য্যালয়ত, ৰাজহুৱাভাৱে সুচল কেন্দ্ৰৰ ৰচিদ কাউণ্টাৰত।
    • অপেৰেটৰে আবেদন গ্ৰহণ কৰি কম্পিউটাৰৰ পৰা বাহিৰ কৰা ৰচিদ দিব।
    • আবেদন পত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰমাণ পত্ৰৰ প্ৰিণ্ট আউট ল`ব পাৰিব।
    • প্ৰমাণ পত্ৰ, নথি-পত্ৰ সহিতে সংশ্লিষ্ট বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হয়
    • আৰু স্বাক্ষৰৰ জৰিয়তে বিষয়াৰ অনুমোদন লাভ কৰি প্ৰমাণ পত্ৰ খন ৰচিদ কাউণ্টাৰৰ ওচৰলৈ ঘূৰাই পঠোৱা হয় আবেদনকাৰীৰ হাতত প্ৰদান কৰিবলৈ

    `প্ৰয়োজনীয় নথি-পত্ৰ শাখা`ৰ অধীনত তালিকাভূক্ত কৰা দৰকাৰী নথিসমুহ থকাতো নিশ্চিত কৰি স্বাস্থ্য সেৱাৰ সঞ্চালকায়ত প্ৰৱেশ কৰি যথা ৰীতি অনুসৰি আবেদন কৰিব লাগে।

  5. আৰ্হতাসম্পন্ন শ্ৰেণী : এটা মৃত্যু ঘটনা ঘটাৰ ২১ দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগে।
  6. পৰিশোধ কৰাৰ ধৰণ সহিতে মাচুল : আনলাইন `প্ৰক্ৰিয়াকৰণ মাচুল ৩০ টকা, প্ৰতি পৃষ্ঠাৰ ছপা মাচুল ১০ টকা, স্কেনিং মাচুল ৫ টকা`।
  7. আবেদন পত্ৰৰ লগত গাঁঠি দিব লগা প্ৰয়োজনীয় নথি-প্ৰত্ৰ বোৰ

    (ক) আবেদন পত্ৰৰ স্কেন কপি

    (খ) হস্পিতেল বা নাৰ্চিং হোমৰ পৰা উলিওৱা মৃত্যুৰ প্ৰমাণ পত্ৰ (বাধ্যতামূলক)

    (গ) গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ (বাধ্যতামূলক)

    (ঘ) মৰণোত্তৰ প্ৰতিবেদন (যদি উপযোগী)

    (ঙ) পলমকৈ কৰা মৃত্যুৰ পঞ্জীয়নৰ কাৰণে অনুমতি (যদি উপযোগী)

    (চ) আন যি কোনো নথি পত্ৰ

  8. গুৰুত্বপূৰ্ণ সময়সূচী

    (ক) দাখিল কৰা নিৰ্দিষ্ট দিন : জন্মৰ তাৰিখৰ পৰা ২১ দিনৰ ভিতৰত।

    (খ) প্ৰক্ৰিয়াকৰণৰ সময় (প্ৰায়) দহ দিন।

  9. যিকোনো প্ৰশ্ন সোধাৰ কাৰণে কাৰ লগত যোগাযোগ কৰিব –

    যি কোনো জিলাৰ স্বাস্থ্যৰ সেৱাৰ যুটীয়া সঞ্চালকক।

  10. সেৱাবোৰ অন লাইন নে অফলাইন

    (ক) অফ লাইনৰ কাৰণে : ৰাজহুৱা সুবিধাজনক কেন্দ্ৰ

    (খ) অন লাইনৰ বাবে: "www.assam.gov.in"

  11. সেৱাৰ ফলাফল : মৃত্যুৰ প্ৰমাণ পত্ৰ