মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service

বিভাগৰ বিষয়ে

  • স্বাস্থ্য সেৱাৰ সঞ্চালকালয় অসমে প্ৰতিৰোধ, উন্নতি, উপশম আৰু গুণ-মান স্বাস্থ্য সেৱাৰ যোগান ধৰি আহিছে অসমৰ লোকৰ সামৰ্থবান মূল্যত। স্বাস্থ্য সেৱাৰ সঞ্চালকালয়ে (ডি এইচ এছ) এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে ব্যৱস্থাৰ যোগান আৰু স্বাস্থ্য সেৱাৰ প্ৰশাসনত আৰু ইয়াৰ মান উন্নত কৰিবলৈ, জবাবদিহী সম্প্ৰসাৰণ আৰু সুন্দৰ ফলদায়কভাৱে আৰু সম্ভমেৰে সেৱাৰ যোগান ধৰিবলৈ।

    প্ৰতিষ্ঠানৰ শাখা

    কৰ্তব্য আৰু কাৰ্য্য : কৰ্মচাৰীৰ নিযুক্তি, বদলি, পদোন্নতি, অৱসৰকালীন ভাট্টা ইত্যাদিৰ প্ৰকাশ আৰু গ্ৰহণ কৰা। উচ্চ ন্যায়ালয়ৰ কেচৰ বিষয় সমূহ আৰু গড়ীচালক, চতুৰ্থশ্ৰেণীৰ কৰ্মচাৰীৰ নিযুক্তি ইত্যাদি।

    স্বাস্থ্য প্ৰতিষ্ঠানৰ শাখা

    কৰ্তব্যবোৰ সমূহ : ব্যক্তিগত হস্পিতেল সম্পৰ্কীত বিষয়, নাৰ্চিংহোম, পৰীক্ষাগাৰ, চিকিৎসা পৰীক্ষাগাৰ, এক্স-ৰে গোট ইত্যাদি।

    নাৰ্চিং শাখা

    নাৰ্চিং প্ৰতিষ্ঠান, নাৰ্চিংকলেজ, নাৰ্চিংপৰিষদ, নাৰ্চৰ প্ৰশিক্ষণ, নাৰ্চৰ নিযুক্তি আৰু বদলি।

    এইচ আৰু ডি শাখা

    কৰ্তব্য- ক্ৰয় আৰু খাদ্য ধনৰ অনুমোদন আৰু মেডিকেল প্ৰতিষ্ঠানৰ আচ-বাব, বস্তু-বাহানি মেৰামতিকে ধৰি আবাস নৱিকৰণ ইত্যাদি। মেডিকেল প্ৰতিষ্ঠানৰ উন্নিতকৰণ, নতুন পদৰ প্ৰস্তাৱত অনুমোদন আদি।

    হিছাব শাখা

    কৰ্মচাৰীৰ অগ্ৰিম দৰমহাকে আদি কৰি পুঁজিৰ ধন খৰচ কৰা, গ্ৰহণ সম্পৰ্কীয় সকলো বিষয়, জি পি এফৰ এন আৰ এ অনুমোদন, জি পি এফৰ সাময়িক অগ্ৰিম ধন ইত্যাদি, অৱসৰকালীন ভাট্টাৰ ফাইল পৰীক্ষা, অৱসৰ প্ৰাপ্ত জি আই এছ ৰ গেজেটেত বিষয়াৰ, গেজেটেত বিষয়াৰ আবেদন আৰু চৰকাৰৰ জি পি এফ ৰ চুড়ান্ত আদায়ৰ বাবে আবেদন, অনুমোদন কাৰণে, কৰ্মচাৰীৰ আন হিছাব সম্পৰ্কীয় বিষয়াৰ বিল আদাই ইত্যাদি।

    বাজেট শাখা

    কৰ্তব্য : বছৰেকীয়া বাজেট পৰিকল্পনা আৰু তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ, দৰমহাৰ প্ৰস্তুতি+দৰমহাহীন বাজেট দুয়ো ধৰণৰ প্লেন আৰু নন প্লেন, চিলিঙৰ কাৰণে প্ৰস্তাৱ-বকেয়া দৰমহা/ডি এ/মেডিকেল ধন পুনঃপ্ৰদান আৰু টি চি আৱণ্টন।

    পৰিকল্পনা বিভাগ

    পৰিকল্পিত বাজেট, পদ সৃষ্টি, যোগান, পৰিকল্পনা আৰু আঁচনি, বিভাগীয় সমিতি ইত্যাদি।

    সাধাৰণ শাখা

    ঔষধ ক্ৰয়, অস্ত্ৰোপচাৰৰ বাবে বয়-বস্তু, মেডিকেল চিকিৎসা আৰু মেডিকেল পুনঃপ্ৰদান।

    পৰিসাংখ্যিক বিভাগ

    সংগ্ৰহ, স্বাস্থ্যৰ তথ্য সংকলন, মেডিকেল আৰু স্বাস্থ্য তথ্যৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত আৰু জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন।

    ক্ৰয় সমিতি

    কৰ্তব্য : প্ৰকাশ আৰু জাননী, নিবিদা আহব্বান আৰু ফাৰ্মাছিত পোৱা দ্ৰব্য আৰু ঔষধ ক্ৰয় কৰাৰ বাবে নিৰ্দেশপত্ৰ, অস্ত্ৰোপচাৰ আৰু সীয়া কাৰ্য্যৰ বাবে বস্তু, এল এল আই এন ইত্যাদি আৰু বস্তুবোৰৰ অনুমোদন আৰু যোগাযোগ সম্পৰ্কীয় ক্ৰয়, আগধন, অনুমোদিত দ্ৰব্যৰ সপক্ষে চুক্তি পত্ৰ ইত্যাদি।

    ৰাজ্যিক স্বাস্থ্য শিক্ষা কাৰ্য্যালয়

    বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ সম্পৰ্কীয় শিক্ষা আৰু বেমাৰী লোকৰ কাৰণে যতন।

    টি বি নিয়ন্ত্ৰণ কৰ্মসূচী (আৰ এন টি চি পি)

    ৰাজ্যত টি বি নিয়ন্ত্ৰণৰ কাৰণে কৰ্মসূচী যিটো লোৱা হৈছে সেইটো হ`ল টি এন চি পি আৰু আৰ এন টি পি চিৰ ব্যৱহাৰ।

    অন্ধত্ব নিয়ন্ত্ৰণৰ কাৰণে কৰ্মসূচী (এন পি চি বি)

    অন্ধত্ব নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কৰ্মসূচীৰ ব্যৱহাৰ

    মাণ্ডলিক কুষ্ঠ ৰোগৰ কাৰ্য্যালয়

    ৰাজ্যৰ পৰা কুষ্ঠ ৰোগ নিৰ্মূল কৰিবলৈ

    ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কৰ্মসূচী (এন টি চি পি)

    ধপাত ব্যৱহাৰত নিয়ন্ত্ৰণ আনিবলৈ আৰু ইয়াৰ ব্যৱহাৰত হোৱা ক্ষতিকাৰক ফলৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা।

    ফ্ল`ৰাইডৰ প্ৰভাব প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কাৰ্য্যসূচী ফ্ল`ৰ`ছিচ্ৰ (এন পি পি চি এফ) প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যসূচী।

    বধিৰতাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যসূচী

    দুৰ্ভাগ্যজনক শ্ৰৱণ শক্তি হ্ৰাসক প্ৰতিৰোধ কৰিবলৈ, শ্ৰৱণশক্তি হ্ৰাসৰ কাৰণে দায়ী শ্ৰৱণ সমস্যাৰ নিদানিক চিকিৎসা আৰু বধিৰতা সহ ভূক্তভোগী ব্যক্তিৰ পুনৰ্বাসন, বধিৰতা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যসূচী।

    ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য

    কৰ্তব্য- সমাজৰ মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ চিকিৎসা আৰু পুনৰ্বাসন চিকিৎসক নাৰ্চ, পেৰামেডিকেল কৰ্মচাৰীবৃন্দৰ কাৰণে প্ৰশিক্ষণ আৰু সজাগতা কাৰ্য্যসূচী আয়োজন কৰা।