মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্য্যসূচী

  • স্বাস্থ্য সেৱাৰ সঞ্চালক

    সচিবৰ কাৰ্য্যালয় কক্ষ্যত ৩০-০৯-২০১৫ তাৰিখে অনুষ্ঠিত হোৱা সভাত আমাক নিৰ্দেশ দিয়া হৈছিল আৰু আমাক শিক্ষা দিয়া গৈছিল ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্য্যসূচীৰ মানৰ ওপৰত চুটি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ। আমি ইয়াৰ লগতে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলো আমাৰ নিৰাপত্তা আৰু প্ৰয়োজনীয় ধন-বস্তুৰ ওপৰত।

    কাৰ্য্যসূচীৰ প্ৰয়োজনীয়তা:

    চিনাক্ত কৰা হৈছিল যে প্ৰায় ৬০ শতাংশ সাধাৰণ জনতাই স্নায়ু-মানসিক সমস্যা (ৰোগ)ত ভোগে যি বোৰক মেডিকেল যত্নৰ প্ৰয়োজন। এই বিশ্লেষণে নিৰ্দেশ কৰে যে ১৫ শতাংশ দুৰ্ঘটনা বৃদ্ধি পাব ২০২০ চনৰ ভিতৰত। এই ধৰণৰ জনসংখ্যা ৰাজ্যৰ চাৰিওফালে সিচৰিত হৈ আছে আৰু স্বাস্থ্য যতন সেৱাই নিশ্চয় ঢুকি পাব লাগিব এই জনসংখ্যাৰ তৃণমূল পৰ্য্যায়ক সামৰি।

    এন এম এইচ পি ৰ লক্ষ্য উদ্দেশ্য:

    • পৰ্য্যাপ্ত আৰু সহজলভ্য মানসিক স্বাস্থ্য যতন সেৱা সকলোৰে বাবে নিশ্চিত কৰা।
    • সাধাৰণ স্বাস্থ্য যতন, মানসিক স্বাস্থ্য জ্ঞান আৰু সমাজিক উন্নতি নিশ্চিত কৰা।
    • মানসিক স্বাস্থ্য যতনত ৰাজহুৱা অংশগ্ৰহণৰ বাবে উৎসাহ যোগোৱা।
    • স্থায়ী ভিত্তিত ৰাজহুৱা মানসিক সেৱাৰ যোগান আৰু আন স্বাস্থ্য সেৱাৰ লগত সংহত ৰূপত কাম কৰা।
    • আগতীয়া চিনাক্তকৰণ আৰু ৰোগীৰ চিকিৎসা।
    • চাব লাগে যে সেইবোৰ ৰোগীয়ে আৰু তেওঁলোকৰ সম্পৰ্কীয়ই দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰিব নালাগে।
    • স্বাস্থ্য সেৱা সহজতে পোৱাৰ ব্যৱস্থা কৰিব লাগে মানসিক বিকাৰগ্ৰস্ত ৰোগীৰ কাৰণে।
    • বৃহৎ বা কেন্দ্ৰীয় মানসিক হস্পিতেলত হেঁচাটো কম কৰিব লাগে। মানসিক ৰোগীৰ ক্ষেত্ৰত বৈষম্য আৰু কলংক বা অপবাদ হ্ৰাস কৰিব লাগে।
    • পনৰ সংস্থাপন সেৱাৰ ব্যৱস্থা কৰিব লাগে এনেকুৱা লোকৰ বাবে।
     

    এন এম এইচ পি ৰ সাম্প্ৰতিক স্থান আৰু মান

    (ক) জিলা মানসিক স্বাস্থ্য কাৰ্য্যসূচী (ডি এম এইচ পি):

    অসমৰ আঠ খন জিলা ইতিমধ্যে সামৰি লোৱা হৈছে। সেইবোৰ হ`ল নগাঁও, গোৱালপাৰা, তিনিচুকীয়া, দৰং, নলবাৰী, মৰিগাওঁ, কাৰ্বি আংলং, কৰিমগঞ্জ। সকলোৰে কেন্দ্ৰ জিলা অসামৰিক হস্পিতেলত অৱস্থিত। মানৱ সম্পদ (প্ৰতিটো কেন্দ্ৰত কৰ্মচাৰীক) মনোৰোগ বিশেষজ্ঞ, নিদানিক মানসিক চিকিৎসক (৩) মনোৰোগ চিকিৎসা-সামাজিক কৰ্মী (১) নাৰ্চ (ডি পি এন অৰ্হতা বা মানসিক স্বাস্থ্যৰ ওপৰত প্ৰশিক্ষণপ্ৰাপ্ত (৪) কেচ পঞ্জীয়ক আদি। সকলো কৰ্মচাৰীক নিয়োগ কৰা হৈছিল আৰু সংস্থাপিত কৰা হয়। বহিঃ বিভাগৰ পঞ্জীয়ন আৰু ৰোগীৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈ গৈছে। ত্ৰিশজন ৰোগীৰ কাৰণে অন্তঃ বিভাগৰ ৱাৰ্ডবোৰ সজা হৈছিল নতুবা নতুনকৈ গঠন কৰা হৈছিল। সাধাৰণ চিকিৎসকৰ কাৰণে প্ৰশিক্ষণ কাৰ্য্যসূচী পালন কৰা হৈছিল ৰোগ চিনাক্তকৰণৰ কাৰণে আৰু কিছুমান গৌণ মানসিক কাৰ্য্যসূচী এনেবোৰ অসামৰিক চিকিৎসালয়ত সংগঠিত কৰা হৈছিল।

    মনোৰোগ প্ৰতিৰোধক দৰব কিছুমান এইবোৰ হস্পিতেললৈ যোগান ধৰা হয়।

    (খ) মডিকেল কলেজ:

    মহাবিদ্যালয় অৰ্ন্তভূক্ত কৰা হৈছিল গুৱাহাটী মডিকেল কলেজ, অসম মডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ।

    মনোৰোগ ৱাৰ্ড মেৰামত কৰা হৈছিল আৰু আন্তঃ বিভাগৰ ৰোগীৰ সংখ্যা বৃদ্ধি কৰা হৈছিল, মানসিক ৰোগৰ চিকিৎসাৰ কাৰণে স্নাতকোত্তৰ পাঠ্যক্ৰম বৰ্তমান খোলা হ`ব।

    (গ) মানসিক স্বাস্থ্যৰ এল জি বি আঞ্চলিক প্ৰতিষ্ঠান :

    প্ৰতিষ্ঠানখন মেৰামতি কৰা হয় আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয় আন্তঃ বিভাগ আৰু বহিঃ বিভাগ দুয়োবিধৰে সুবিধা বৰ্তমান কৰা হৈছে। প্ৰতিষ্ঠানখনে `মানসিক স্বাস্থ্য জৰীপ কৰিব অসমত। একেটাৰ বাবে প্ৰশিক্ষণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।

    উৎকৃষ্ট কেন্দ্ৰ :

    মানসিক স্বাস্থ্যৰ এল জি বি আঞ্চলিক প্ৰতিষ্ঠান আৰু মেডিকেল কলেজ দুয়োটাকে উৎকৃষ্ট কেন্দ্ৰ হিছাপে চিনাক্ত কৰা হৈছে। দুয়োটা কেন্দ্ৰই এক বিশেষ অনুদান লাভ কৰে আন্ত গাঁথনি উন্নতি আৰু স্নাতকোত্তৰ আৰু ডিপ্লমা পাঠ্যক্ৰম চলোৱা কাৰণে। দুয়োখন প্ৰতিষ্ঠানেই সম্পদ কেন্দ্ৰ হৈ পৰিব শিক্ষায়তন আৰু গৱেষকৰ কাৰণে।

    পৰীক্ষণমূলক কাৰ্য্য আঁচনি ২০১৫-২০১৬

    স্তৰকাৰ্য্যকলাপলক্ষ্য ২০১৫-১৬
    সম্প্ৰদায়িক স্তৰসম্প্ৰদায়িক সচেতনতা প্ৰচাৰৰ কাৰণে সৰ্মথন আৰু কলঙ্ক নিৰ্মূলএফ ৱাইত ৩০টা এনেকুৱা প্ৰচাৰ অভিযান আৰম্ভ কৰা হ`ব
    মানসিক স্বাস্থ্য আৰু সাম্প্ৰদায়িক দায়িত্বসমূহৰ  ওপৰত মতামত প্ৰদান কাৰী নেতা সকল/ ধৰ্মীয় নেতা সকলৰ সংবেদনশীলতা৬৭৫ জন নেতাক সংবেদনশীল কৰা হ`ব। প্ৰত্যেক খন জিলাই এনকুৱা ধৰণৰ ২৫ জন নেতাক সংবেদনশীল কৰিব
    এন জি ও সমূহৰ লগত মুঠ কাম।তৃণমূল পৰ্য্যায়ত প্ৰত্যেক খন জিলাই এন জি ও সমূহৰ লগত দুখন সভা অহ্বান কৰিব। মানসিক স্বাস্থ্যৰ ওপৰত কৰ্মৰত এন জি ও সমূহক সামৰি লোৱা হব।
    অংগনবাদী সমূহৰ প্ৰশিক্ষণমানসিক অসুস্থতাৰ শীঘ্ৰ চিনাক্তকৰণৰ কাৰণে জিলাৰ সকলো অংগনবাদী সমূহক প্ৰশিক্ষিত কৰা হ`ব।
    আই ই চি সামগ্ৰী সমূহৰ উন্নিতকৰণৰাজ্যিক আৰু জিলা উভয় পৰ্য্যায়ত স্থানীয় ভাষাত উপযুক্ত আই ই চি সামগ্ৰী সমূহক উন্নিত কৰা হ`ব।
    সম্প্ৰদায় ভিত্তিক পুনৰ্বাসন পদ্ধতি(i)হস্পিতেলত থকা মানসিকভাবে অসুস্থ ৰোগীসমূহৰ পৰিয়ালৰ সদস্যসমূহৰ লগত নিয়মিত পৰামৰ্শ প্ৰদান।
    (ii)মানসিক স্বাস্থ্যৰ ওপৰত জিলাৰ সকলো পঞ্চায়তক সংবেদনশীল কৰা।
    ৰাজ্যিক স্তৰপ্ৰ`গ্ৰেমৰ অধীনত অসমৰ সকলো জিলাক অন্তৰ্ভূক্ত কৰাবিদ্যমান ৮ খন জিলাৰ পৰা ২৭ খন জিলাক আওঁতালৈ অনা।
    চিকিৎসা কৰ্মকৰ্তা আৰু সাধাৰণ চিকিৎসকৰ প্ৰশিক্ষণ৩০০ জন মেডিকেল অফিচাৰ/সাধাৰণ চিকিৎসকক প্ৰশিক্ষণ।
    এম পি ডব্লিউ এছ ৰ প্ৰশিক্ষণ।১০০০ এম পি ডব্লিউ এছ ক প্ৰশিক্ষিত কৰা হ`ব।
    মানসিক অসুস্থতাৰ বিষয় সমূহ চিনাক্তকৰণৰ কাৰণে স্কুল সমূহ সামৰি লোৱা১০৮খন স্কুল সামৰি লোৱা হ`ব।
    তথ্য সংগ্ৰহপ্ৰত্যেক খন জিলাতে তথ্য সংগ্ৰহ কেন্দ্ৰ স্থাপন
    পেৰিফেৰাল স্বাস্থ্য প্ৰতিষ্ঠান সমূহৰ পৰা ৰেফাৰেল পইণ্ট হিছাবে কাৰ্য্য সম্পাদন 
    মেডিকেল কলেজচিকিৎসক সকলৰ প্ৰশিক্ষণ 
    পেৰা মেডিকেল/নাৰ্চ সমূহৰ প্ৰশিক্ষণ 
    সংশাধন কেন্দ্ৰ/উৎকৃষ্টতাৰ কেন্দ্ৰ সমূহ 
    ও পি ডি/আই পি ডি সুবিধাসমূহ গৱেষণা আৰু প্ৰকাশন 
    গৱেষণা আৰু প্ৰকাশনপ্রতিটো মেডিকেল ইনস্টিটিউশনে বছৰি এটা অপাৰেশনেল ৰিৰ্চাজ কৰিব আৰু প্রশিক্ষণৰ প্রয়োজন মূল্যায়ন কৰিব
    এল জি বি আৰ  আই এম এইছপ্ৰশীক্ষণসকল শ্রেণীৰ কৰ্মীৰ প্রশিক্ষণ।
    এন জি ও বোৰৰ প্রশিক্ষণ
    ৰিচোৰ্চ চেণ্টাৰ / এক্সেলেন্সৰ চেণ্টাৰ 
     গবেষনা আৰু প্ৰকাশনা 
    ডাটা বেংক 
    শল্যচিকিৎসা 

    উদ্ভাৱন:

    • আলোক-সংবেদী আৰক্ষী আৰু মেডিকেল বিষয়া `মানসিক স্বাস্থ্য আইনৰ` ওপৰত অঘৰী আৰু অভিভাৱকহীন মানসিক ৰোগী লোকক উদ্ধাৰ আৰু চিকিৎসা দিয়া সংক্ৰান্তত।
    • প্ৰাকজন্মকালীন গৰ্ভৱতী মহিলাৰ আগতীয়া চিনাক্তকৰণৰ কাৰণে থলুৱা ভাষাত আই ই চি দ্ৰব্যৰ যোগান আৰু মানসিকভাৱে অভাৱজনিত শিশুৰ কাৰণে সহায় পৰ্য্যাপ্ত কৰা।
    • বিদ্যালয়ৰ শিক্ষকবোৰক শিশুমনোবিজ্ঞান আৰু শিশু মানসিক স্বাস্থ্য সমস্যা সম্পৰ্কীয় শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগে।
     

    ৰাজ্যিক কাৰ্য্যসূচীৰ শক্তি: বৰ্তি থকা সকলোবোৰ স্বাস্থ্য কেন্দ্ৰক শেহতীয়া আহিলা পাতিৰে উন্নত কৰি তুলিব লাগে আৰু প্ৰয়োজনীয় কৰ্মচাৰীক নিযুক্ত কৰিব লাগে।

    দুৰ্বলতা: প্ৰশিক্ষণৰ অভাৱ। কাৰ্য্যসূচী পৰিচালনা কৰাৰ কাৰণে ধন বিতৰণত পলম। মানসিক স্বাস্থ্য আইনৰ বৈধ ব্যৱস্থাৰ ওপৰত সীমিত জ্ঞান।

    সুযোগ-সুবিধা: বিভিন্ন বিভাগ আৰু আন গুৰি ধৰোতাবোৰ ৰাজ্যত পৰ্য্যাপ্ত থাকিব লাগে যুটীয়া অভিযান হিছাপে কাৰ্য্যসূচীৰ সফল ৰূপায়ণৰ কাৰণে।

    ভাবুকি: প্ৰাকৃতিক দুৰ্য্যোগৰ বাহিৰে পুঁজিৰ নাটনি হ`ব পাৰে কৰ্মসূচী ৰূপায়ণত ডাঙৰ ভাবুকি।