মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service

ৰাষ্ট্ৰীয় আয়ডিন অভাৱজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্য্যসূচী

  • অৱলোকন :

    আয়ডিন এবিধ প্ৰয়োজনীয় অতিক্ষুদ্ৰ পুষ্টিসাধনকাৰী দ্ৰব্য যিটো শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে অতি দৰকাৰী আৰু মানুহ জীয়াই থাকিবলৈ এবিধ প্ৰয়োজনীয় উপাদেয়। সেয়ে আয়ডিনৰ অভাৱ বিসংগতি (আই ডি ডি) সমগ্ৰ বিশ্বতে এটা জৰুৰী ভাবুকি হিছাপে পৰিচয় লাভ কৰিছে। অনুমান কৰা হয় যে ২০ নিযুতৰো অধিক লোক (আই ডি ডি) সংকটত ভূগিছে, যেতিয়া কিছু সংখ্যক লোকে গলগণ্ড ৰোগত ভূগি আছে আৰু আন আয়ডিনৰ অভাৱৰ বিসংগতিত ভূগি আছে ৭১ নিযুতৰো অধিক ( ভাৰত চৰকাৰৰ নিৰ্দেশাৱলী এন আই ডি ডি চি পি) আই ডি ডিৰ বৃদ্ধিৰ কাৰণে যিবোৰ প্ৰধান কাৰক দায়ী তাৰ ভিতৰত প্ৰাকৃতিক খাদ্যত আয়ডিনৰ নিম্ন যোগানেই প্ৰধান। যিবোৰ খাদ্যত আয়ডিন অভাৱযুক্ত মাটিত উৎপাদন হয় সেইবোৰত আয়ডিনৰ অভাৱ লক্ষ্য কৰা হয়। আয়ডিনৰ অভাৱ সেয়ে এটা অভাৱ যিটো ধনী-দুখীয়া সকলোকে প্ৰভাৱিত কৰে, কাৰণ ই নিৰ্ভৰ কৰে মাটিৰ ভৌগলিক গুণৰ ওপৰত। সি যি কি নহওক, আয়ডিনযুক্ত নিমখ গ্ৰহণ কৰি আয়ডিনৰ অভাৱ দূৰ কৰিব পাৰি। ১৯৬২ চনত হিমাচল প্ৰদেশৰ কাংগাৰা উপত্যকাত চলোৱা সফল পৰীক্ষাৰ পাছত ৰাষ্ট্ৰীয় গলগণ্ড নিয়ন্ত্ৰণ কাৰ্য্যসূচী(এন জি চি পি) শুভাৰম্ভ কৰি ভাৰত চৰকাৰে কেন্দ্ৰীয়ভাৱে দায়িত্ব গ্ৰহণ কৰে । প্ৰধানভাৱে মনোযোগ দিয়া হৈছিল আয়ডিনয়ুক্ত নিমখৰ যোগান ব্যৱস্থা আৰু ৰোগ উদ্ভৱ হোৱা এলেকাবোৰ চিনাক্ত কৰা। এন জি চি পি ৰ নামাকৰণ আৰু পঞ্জীয়ন হয় ১৯৯২ চনত ৰাষ্ট্ৰীয় আয়ডিন অভাৱ বিসংগতি নিয়ন্ত্ৰণ কাৰ্য্যসূচী ( এন আই ডি ডি চি পি ) হিছাপে বিস্তৃতভাৱে জোৰ দিয়া হয় আয়ডিনৰ অভাৱ দূৰ কৰা কাৰ্য্যসূচী চলোৱাত।

    আই ডি ডি ৰ প্ৰভাৱ :

    আয়ডিনৰ অভাৱ দূৰ কৰি গলগণ্ড ওপৰত সঠিক ফলাফল নাপালেও কিন্তু ই নিশ্চয় শাৰীৰিক আৰু মানসিক মন্থৰতা দূৰ কৰাত সুফল পোৱা গৈছে। ই সকলো বয়স লিংগ আৰু বিভিন্ন অৰ্থ- সামাজিক মানক প্ৰভাৱিত কৰে। ইয়ে সুফল দিয়ে জন্মৰ ক্ষেত্ৰত, গৰ্ভপাত কৰোৱা, শ্ৰৱন কমোৱা, বাওনা হোৱা, চকুৰ দোষ, মানসিক বাধা গ্ৰস্ততা, গলগণ্ড সকলো বয়সৰ লোকৰ ক্ষেত্ৰতে, স্নায়বিক বিকাৰ ইত্যাদিত ( ভাৰত চৰকাৰৰ নিৰ্দেশাৱলী এন ডি ডি চি পি)।

    পৰিকল্পনাৰ বিষয়ে :

    ৰাষ্ট্ৰীয় আয়ডিন অভাৱ বিসংগতি নিয়ন্ত্ৰণ কাৰ্য্যসূচী ( এন আই ডি ডি চি পি) কাৰ্য্যকৰী কৰা হয় বিসংগতিবোৰ নিৰাময়, নিয়ন্ত্ৰণ আৰু দূৰ কৰাৰ উদ্দেশ্যে আৰু ৰাজ্যবোৰক সহায়-সাহায্য কৰা হয় আই ডি ডি কোষ গঠন কৰাৰ কাৰণে আৰু আই ডি ডি য়ে পৰীক্ষাগাৰ নিৰীক্ষণ কৰি আয়ডিনযুক্ত লোণৰ মান নিশ্চিত কৰিব আৰু ত্যাগ কৰা প্ৰস্ৰাৱত আয়ডিনৰ পৰিমাণ নিৰীক্ষণ কৰিব।গলগণ্ড আৰু স্বাস্থ্য-শিক্ষা কৰ্মসূচীৰ সৰ্বেক্ষণ কৰা হয় এই কাৰ্য্যসূচীৰ জৰিয়তে।

    বস্তনিষ্ঠ লক্ষ্য :

    • আয়ডিনৰ অভাৱ বিসংগতিৰ মাত্ৰা-মুল্যাংকণৰ জৰীপ।
    • সাধাৰণ লোণৰ পৰিৱৰ্তে আয়ডিনযুক্ত লোণৰ যোগান।
    • আয়ডিনৰ অভাৱ বিসংগতিৰ বিস্তাৰৰ মূল্যাংকণৰ কাৰণে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে পুনঃ জৰীপ কৰা।
    • পৰীক্ষাগাৰে নিৰীক্ষণ কৰিব আয়ডিনযুক্ত নিমখ আৰু প্ৰস্ৰাৱত আয়ডিনৰ পৰিমাণ।

    ওপৰত উল্লেখ কৰা বস্তুনিষ্ঠ লক্ষ্যৰ লগতে এন আই ডি ডি চি পি য়ে অসমত কাম কৰি আছে তলত উল্লেখ কৰা লক্ষ্য সাধনৰ ওপৰত

    • অসমত সাৰ্বজনীনভাৱে আয়ডিন যুক্ত কৰা।
    • সকলো শ্ৰেণীৰ লোকৰ মাজত আয়ডিন সম্পৰ্কে সজাগতা বৃদ্ধি কৰা
    • স্থায়ীভাৱে আই ডি ডি দূৰ কৰা হ`ব সকলো জিলাত ইউ এছ আই কৌশলৰ জৰিয়তে।
    • অসমৰ মানুহৰ মাজত সজাগতা আনিব লাগিব বিশেষকৈ চাহ বাগানবোৰৰ মানুহৰ মাজত আই ডি ডি সম্পৰ্কে আৰু তেওঁলোকৰ মাজত আয়ডিনযুক্ত নিমখ খোৱাটো বৃদ্ধি কৰিব লাগিব ।
    • পি ডি এছক লক্ষ্য কৰি লৈ সকলো বি পি এল পৰিয়ালৰ বাবে সহজলভ্য হোৱাকৈ আয়ডিনযুক্ত নিমখৰ যোগান বৃদ্ধি কৰা হ`ব ।

    আয়ডিনযুক্ত লোণ গ্ৰহণ আৰু সংৰক্ষণ বৃদ্ধি কৰা হ`ব এন জি ও আৰু প্ৰচাৰ মাধ্যমক জড়িত কৰাই লৈ যাতে মনুহৰ মাজত আনকি হোটেল, কাৰাগাৰ,আন আন প্ৰতিষ্ঠান, বৃত্তিগত গোট আৰু বিভিন্ন আই চি ডি এছ কাৰ্য্যসূচীৰ লগত জড়িত লোক যেনে এছ এন পি, বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কাৰ্য্যসূচী ইত্যাদি।

    কাৰ্য্যসূচীৰ ফলাফল আশা কৰা হৈছিল

    • আয়ডিনযুক্ত লোণ ১০০ শতাংশ গ্ৰহণ।
    • আয়ডিনৰ লগত সম্পৰ্কীত অভাৱ, বিসংগতি আৰু গলগণ্ডৰ হাৰ কম কৰা।
    • লোণ পৰ্য্যবেক্ষণক উন্নিত কৰা উচিত।

    গঠন

    অসমত এন আই ডি ডি চি পি চোৱাচিতা কৰা হয় ভাৰত চৰকাৰৰ সহযোগত স্বাস্থ্য সেৱাৰ সঞ্চালকালয়ৰ দ্বাৰা। ৰাজ্যৰ সকলো ধৰণৰ কাৰ্য্যসূচীৰ বাবে মুঠতে দায়ী হৈ থাকে সঞ্চালকজন। দৰাচলতে, কৰ্মসূচী বিষয়া (এন আই ডি ডি চি পি) যিজনে সময়ত সমস্ত কাম তদাৰক কৰে। কৰ্মসূচী বিষয়াৰ অধীনত কাৰিকৰী বিষয়া আৰু তাৰ পাছত আহে পৰীক্ষণগাৰৰ কাৰিকৰী লোক এই বিষয়ত সহায় কৰিবলৈ। যদিও দেখাত নাই, পৃথক প্ৰশাসনিক গাঁথনি কৰ্মসূচী চলাবলৈ তথাপি খণ্ডিত সহায় লোৱা হয় যাতে কাৰ্য্যক্ৰম কৰিব পৰা হয় তৃণমূল পৰ্য্যায়ত।

    প্ৰস্তাৱ

    যেতিয়া এম আই ডি ডি চি পিয়ে পৰিকল্পনা কৰিছে সমগ্ৰ ৰাজ্যখনক সামৰি লবলৈ, সেয়ে বিস্তৃত বিশাল প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে কামটোৰ কাৰণে। আঁচনিখনে সেয়ে সৰহ এলেকা সামৰি লৈছে পৰ্য্যায়ক্ৰমে। কৰ্মকৰ্তাৰ দ্বাৰা এবাৰ দৰ্শন কৰা গাওঁবোৰত পুনৰ জৰীপ বা পুনৰ দৰ্শনৰ ব্যৱস্থা নাই। প্ৰথম পৰ্য্যায়ত সমগ্ৰ ৰাজ্যতে সম্পূৰ্ণ কৰাৰ পাছতহে এইটো কৰা হ`ব।

    নিৰীক্ষণ আৰু তথ্য প্ৰচাৰ পদ্ধতি

    নিৰীক্ষণ দল গঠন হয় এল আই ডি ডি চি পিৰ সমস্ত কাম পৰিদৰ্শন আৰু বিশেষ কামবোৰ আৰু গ্ৰাহক, বিক্ৰেতা আৰু পাইকাৰী পৰ্য্যায়ত আয়ডিনৰ পৰিমাণ নিৰীক্ষণ কৰিবলৈ। এই ডি ডি লোণ নিৰীক্ষণ দল গঠন হয় কৰ্মসূচী বিষয়া, এন আই ডি ডি চি পি কাৰিকৰী বিষয়া, খাদ্য পৰিদৰ্শক ইত্যাদিৰে। খাদ্য পৰিদৰ্শকে গ্ৰাহক, বিক্ৰেতা আৰু পাইকাৰীৰ পৰা লোণৰ নমুনা সংগ্ৰহ কৰে আৰু ৰাজ্যিক আই ডি ডি নিৰীক্ষণ পৰীক্ষাগাৰলৈ পঠিয়াই লোণ বিশ্লেষণৰ কাৰণে। খাদ্য পৰিদৰ্শকে লোণ পৰীক্ষা কৰি তাৰ প্ৰতিবেদন পঠিয়াই স্বাস্থ্য সেৱাৰ সঞ্চালকৰ ওচৰলৈ। কাৰিকৰী বিষয়াই প্ৰতিবেদন সংকলন কৰে আৰু ভাৰত চৰকাৰৰ আই ডি ডি কোষলৈ পঠিয়ায়। কৰ্মসূচী বিষয়া, কৰিকৰী বিষয়া এন আই ডি ডি পি পি ৰ পৰীক্ষাগাৰৰ কাৰিকৰেও লোণৰ নমুনা সংগ্ৰহ কৰে পাইকাৰী, বিক্ৰেতা আৰু গ্ৰাহক পৰ্য্যায়ৰ পৰা আৰু ৰজ্যিক আই ডি ডি নিৰীক্ষণ পৰীক্ষাগাৰত লোণৰ নমুনা বিশ্লেষণ কৰা হয়। লোণৰ নমুনাবোৰ আই ডি ডি নিৰীক্ষণ পৰীক্ষাগাৰৰ পৰীক্ষাগাৰ কাৰিকৰৰ দ্বাৰা বিশ্লেষণ কৰা হয়।

    লোণ পৰীক্ষাৰ নিৰীক্ষণ দুটা পদ্ধতিৰ দ্বাৰা কৰা হয়।:
    লোণত আয়ডিনৰ পৰিমাণ গ্ৰাহক পৰ্য্যায়ত থাকিব লাগে ১৫ পি পি এম তকৈ বেছি আৰু প্ৰস্তুত পৰ্য্যায়ত ইয়াৰ পৰিমাণ থাকিব লাগে ৩০ পি পি এম তকৈ বেছি।

    ক্ষেত্ৰ স্থলত পৰীক্ষা কৰা পদ্ধতি

    এইটো কৰা হয় পৰীক্ষা কৰা কিট্চেৰে যিটোৱা ঠাইতে ফলাফল দিব পাৰে। এইটো এটা গুণগত পদ্ধতি আয়ডিনযুক্ত নিমখ পৰীক্ষা কৰাৰ বাবে। কিটচ্বোৰ সকলোবোৰ জিলা স্বাস্থ্য কৰ্তৃপক্ষৰ মাজত বিতৰণ কৰা হ`ব। খাদ্য পৰিদৰ্শকে লোণ বিশ্লেষণ কৰে আৰু প্ৰতিবেদন আহি পায় স্বাস্থ্য সেৱাৰ সঞ্চালকৰ ওচৰলৈ। ক্ষেত্ৰ লোণ পৰীক্ষণ কৰা কিটচ্ আকৌ ব্যৱহাৰ কৰে বিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষকে। লোণত আয়ডিনৰ পৰিমাণ নিৰ্ণয় কৰি লৈ শিক্ষকে স্বাস্থ্য সেৱাৰ সঞ্চালকৰ আই ডি ডি কোষৰ ওচৰলৈ প্ৰতিবেদন পঠিয়াই।

    লোণ পৰীক্ষণৰ পৰীক্ষাগাৰ পদ্ধতি

    এই পদ্ধতিয়ে টাইট্ৰেছন পদ্ধতিৰ দ্বাৰা লোণ পৰীক্ষণক জড়িত কৰে।লোণ পৰীক্ষণ কৰা হয় সঞ্চালকৰ চৌহদত পৰীক্ষাগাৰ নিৰীক্ষণৰ মাজত আৰু অসমৰ জনস্বাস্থ্য পৰীক্ষাগাৰৰ ভিতৰত। এইটো পৰীক্ষণ পদ্ধতিৰ কাৰণে জিলাৰ খাদ্য পৰিদৰ্শক আৰু কেতিয়াবা আই ডি ডি কোষৰ বিষয়াৰ দ্বাৰা লোণ সংগ্ৰহ কৰা হয়।

    তথ্য সংগ্ৰহ আৰু প্ৰতিবেদন ব্যৱস্থা সংজ্ঞায়ীত কৰা হয় যিটোৰ নিয়মিত ভাৱে শেহতীয়া ৰূপ দিয়া হয়।

    ২০১৩ চনৰ মাৰ্চ মাহৰ পৰা ২০১৫ চনৰ ডিচেম্বৰ মাহলৈ কাম কাজ

    • ৰাজ্যিক পৰ্য্যায়ৰ সজাগতা সভা আহ্বান কৰা হৈছিল এম এন জি ওৰ কাৰণে অসমৰ সকলোবোৰ জিলাত ২০১৩ চনৰ মে মাহত।
    • ৰাজ্যিক পৰ্য্যায়ৰ সজাগতা সভা আহ্বান কৰা হৈছিল ২০১৩ চনৰ জুলাই মাহত শিক্ষা আৰু প্ৰশিক্ষণ জিলা প্ৰতিষ্ঠানৰ ফেকাল্টিৰ কাৰণে।
    • ৰাজ্যিক পৰ্য্যায়ৰ সজাগতা সভা আহ্বান কৰা হৈছিল অসমৰ সকলোবোৰ জিলাৰ জিলা পৰিষদৰ পি আৰ আই সদস্যৰ কাৰণে ২০১৩ চনৰ আগষ্টত।
    • ২০১৩ চনৰ আগষ্ট মাহত অসমৰ সকলো জিলাৰ জিলা পৰিষদৰ পি আৰ আই সদস্য সকলৰ কাৰণে ৰাজ্যিক পৰ্য্যায়ত সচেতনতা সভা অনুষ্ঠিত কৰা হয়।
    • ৰাজ্যিক, জিলাস্তৰত আৰু এ এম পি; ব্লক লেভেল ইউ এছ আই ড্ৰাইভ এম পি ডব্লিউৰ মাধ্যমেৰে পৰিচালিত হৈছিল ১৪ খন স্থানীয় ৰোগ হোৱা জিলাত।
    • জিলা আৰু ৰাজ্যিক পৰ্য্যায়ত গোলকীয় আই ডি ডি দিৱস উৎযাপন কৰা হয় ২০১৩ চনত।
    • গলগণ্ড জৰীপ চলোৱা হয় ৫ খন জিলাত
    • ৰাজ্যিক আৰু মহকুমা পৰ্য্যায়ত সজাগতা কাৰ্য্যসূচী চলোৱা হয় কামৰূপ গ্ৰাম্য আৰু মেট্ৰ`ৰ এন জি ওৰ সহযোগত ২০১৪ৰ জুলাইত।
    • ৰাজ্যিক আৰু জিলা পৰ্য্যায়ত সজাগতা কাৰ্য্যসূচী চলোৱা হৈছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ সংগীত আৰু নাটক বিভাগৰ সহযোগত ২০১৪ৰ জুলাই মাহত।
    • ৰাজ্যিক পৰ্য্যায়ৰ প্ৰশিক্ষণ আৰু সজাগতা কাৰ্য্যসূচী পৰিচালিত কৰা হৈছিল সম্প্ৰসাৰণ বিষয়া আৰু চি ডি পি ও ৰ কাৰণে ২০১৪ৰ জুলাই মাহত।
    • ৯ খন জিলাত গলগণ্ড জৰীপ কৰা হৈছিল, সেইকেইখন হ`ল মৰিগাঁও, দৰং, ডিমা হাছাও, কাৰ্বি আংলং, কামৰূপ গ্ৰাম্য, লখিমপুৰ, কাচাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি।
    • ১৪ খন ৰোগাক্ৰান্ত জিলাত সজাগতা কাৰ্য্যসূচী ৰূপায়ণ কৰা হৈছিল এম পি ডব্লিউ ৰ জৰিয়তে ২০১৪ চনৰ বাবে।
    • ৰাজ্যিক পৰ্য্যায়ৰ সভা আয়োজন কৰা হয় এন জি ওৰ সহযোগত ১১ জুলাই ২০১৪ চনত এন জি ওৰ দ্বাৰা ক্ষেত্ৰভিত্তিক কৰ্য্যসূচী আৰু জিলা পৰ্য্যায়ৰ সভাৰ পাছতে।
    • ৰাজ্যিক পৰ্য্যায়ৰ সভা আহ্বান কৰা হয় সংগীত আৰু নাটক বিভাগৰ লগত ১৭ জুলাই ২০১৪ চনত ক্ষেত্ৰভিত্তিক কাৰ্য্যসূচী সংগীত আৰু নাটকৰ ৰংদলৰ দ্বাৰা বিভিন্ন জিলাত পৰিবেশন কৰাৰ পাছতে।
    • ৰাজ্যিক পৰ্য্যায়ৰ প্ৰশিক্ষণ কাৰ্য্যসূচী কৰা হয় চি ডি পি ও আৰু ই ও ( পি এণ্ড অৰ ডি)ৰ কাৰণে ২০১৪ চনৰ ৩০ জুলাইত।
    • ৰাজ্যিক পৰ্য্যায়ৰ সজাগতা কাৰ্য্যসূচী পালন কৰা হয় বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে ২০১৪ চনৰ ১২ চেপ্তেম্বৰত।
    • ৰাজ্যিক মিত্ৰ সমিতি গঠন কৰা হয় আৰু সভা অনুষ্ঠিত হয় ২০১৪ চনৰ ১৭ চেপ্তেম্বৰত যিখনত সভাপতিত্ব কৰিছিল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, অসম চৰকাৰৰ মুখ্য সচিবে।
    • গোলকীয় আই ডি ডি নিষেধ দিৱস উৎযাপন কৰা হয় ১৪ নবেম্বৰ, ২০১৪ চনত, ৰাজ্যিক আৰু জিলা পৰ্য্যায়ত।
    • ২০১৪ত গ্লোৱেল আই ডি ডি প্ৰতিৰোধ দিৱস উপলক্ষে সমগ্ৰ অসম ভিত্তিক ৰচনা প্ৰতিযোগীতা অনুষ্ঠিত কৰা হৈছিল
    • অসমৰ ১২ খন জিলাৰ অসামৰিক চকিৎসালয়ত বিজ্ঞাপন প্ৰদৰ্শন কৰা হৈছিল।
    • ২০১৪ চনৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ লগতে জিলা পৰ্য্যায়তো আই ডি ডি দিৱস পালন কৰা হয়।
    • ৰাজ্যিক পৰ্য্যায়ৰ সভা অনুষ্ঠিত কৰা হৈছিল ২০১৫ চনৰ ৪ এপ্ৰিলত খণ্ডিত বিভাগবোৰক জড়িত কৰাই যেনে স্বাস্থ্য আৰু এফ ডব্লিউ, শিক্ষা, ৰেলবিভাগ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক বিষয়ক, লোণ ব্যৱসায় আৰু এন জি ও ইত্যাদি।
    • ইউ এছ আই কাৰ্য্যসূচী পালন কৰা হয় এম পি ডব্লিউৰ জৰিয়তে ১৪ খন ৰোগাক্ৰান্ত জিলাত আৰু ২০১৫ চনত।
    • ৩,৭৯,৬০৬ সংখ্যক লোণৰ নমুনা পৰীক্ষা কৰা হয় ২০১৪-২০১৫ চনলৈ য`ত ১২.১৩ %ত পোৱা হৈছিল যথাযথ ভাৱে আয়ডিনযুক্ত লোণ।

    আয়ডিন অভাৱ বিসংগতিবোৰ ভাৰত আৰু আন বহু দেশত জনস্বাস্থ্য সমস্যা হিছাপে দেখা দিছে। আই ডি ডিয়ে সকলো শ্ৰেণীৰ লোকক প্ৰভাৱিত কৰিছে শিশুৰ পৰা বয়োবৃদ্ধলৈ। ৰাজ্যিক আই ডি ডি কোষে ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে বিভিন্ন কাৰ্য্যৰে আই ডি ডি ৰ সমস্যাৰ প্ৰতিৰোধ কৰিবলৈ। কিন্তু মানুহ সচেতন হোৱা উচিত আই ডি ডি সম্পৰ্কীত সমস্যাৰ সমাধান কৰিবলৈ আৰু যথাযোগ্য পদক্ষেপ ল`ব লাগে আই ডি ডি সমস্যা দূৰ কৰাৰ বাবে আৰু কাৰ্য্যসূচীৰ স্থায়ী আৰু সফল সিদ্ধি লাভৰ কাৰণে।