মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service

আমাৰ ইতিহাস

  • অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ব্যুৎপত্তিৰ ওপৰত এটি সাৰাংশ

    ১৯১২ চনত পূৰ্বৰ ব্ৰিটিছ চৰকাৰে অসম ৰাজ্যলৈ স্বাস্থ্য সেৱা ব্যৱস্থাটো আনিছিল সংগঠিত ৰূপত সঠিক ভাৱে কাম কৰি অসমৰ মানুহক স্বাস্থ্যসেৱা যোগান ধৰাৰ উদ্দেশ্যে।

    ব্ৰিটিছ চৰকাৰে আৰম্ভণিতে স্বাস্থ্য সেৱাক দুতৰপীয়া কৰি (১) উপশমৰ দিশ আৰু (২) প্ৰতিৰোধৰ দিশ হিছাপে ভাগ কৰিছিল। যেতিয়া বিভাগীয় মুৰব্বীৰ অধীনত বিভাগ স্থাপন কৰা হয়, স্বাস্থ্য সেৱাৰ উপশমৰ দিশটো বিভাগীয় মুৰব্বীৰ অধীন কৰা হয় তেতিয়া হস্পিতেল আৰু কাৰাগাৰৰ পদবীটোৰ নামাকৰণ কৰা হয় পৰিদৰ্শক প্ৰধান (পদবীটোৰ নামাকৰণ এতিয়াও মৌলিক নীতিত দেখা যায়)যদিও অসামৰিক চিকিৎসালয়ত পৰিদৰ্শকপ্ৰধান পদবীটো আৰম্ভ কৰা হয়, কাৰাগাৰ প্ৰশাসনো আই জি চি এইচৰ নিয়ন্ত্ৰনাধীন কৰা হয়।

    স্বাস্থ্য সেৱাৰ প্ৰতিৰোধৰ দিশটো আন এজন বিভাগীয় মুৰব্বীৰ অধীন কৰা হৈছিল আৰু পদবীটোৰ নামাকৰণ কৰা হৈছিল জন স্বাস্থ্য সঞ্চালক হিছাপে।

    দুয়োজন বিভাগীয় মুৰব্বীৰ নাম ওপৰত উল্লেখ কৰা ধৰণে ১৯৫৮ চনলৈ কাৰ্য্যনিৰ্বাহ চলাই গৈছিল।

    দুয়োজন বিভাগীয় মুৰব্বীৰ কাম-কাজবোৰ নিম্নলিখিত ধৰণে উল্লেখ কৰা হ`ল। অসামৰিক চিকিৎসালয় আৰু কাৰাগাৰৰ পৰিদৰ্শক প্ৰধানৰ জিলা হস্পিতেল আৰু ৰাজ্যৰ মহকুমাৰ প্ৰধান কাৰ্য্যালয় চলোৱাৰ দায়িত্ব থাকে। হস্পিতেল আন্তঃ আৰু বহিঃ বিভাগৰ সেৱা দুয়োটাকে সামৰি লয়। কিছুমান ঔষধালয় সম্প্ৰসাৰণ কৰি তাত বহিঃ বিভাগৰ চিকিৎসাৰ সুবিধাও কৰা হয় কাৰাগাৰ আৰু অসামৰিক হস্পিতেলৰ পৰিদৰ্শক প্ৰধানৰ অধীনত।

    জনস্বাস্থ্য সঞ্চালকৰ অধীনত উপশমৰ দিশটো যি ধৰণে ৰখা হৈছে, প্ৰতিৰোধৰ ব্যৱস্থা মাত্ৰ কৰা হৈছিল মহামাৰী, কলেৰা, ক`লাজ্বৰ, সৰুআই, টি বি, যক্ষ্মা ইত্যাদিৰ প্ৰাদুৰ্ভাৱ হ`লতহে।