মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service

ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্য্যসূচী

  • ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্য্যসূচী আৰম্ভ কৰা হৈছিল ২০০৭ চনৰ অক্টোবৰ মাহত। সম্প্ৰতি অসমৰ এন টি চি পিয়ে ৰাজ্যৰ ৰাজধানী কামৰূপ মেট্ৰো আৰু যোৰহাট জিলাত কাম কৰি আছে। ২০১২ চনৰ এপ্ৰিলত এই কৰ্মসূচী স্বাস্থ্য সেৱা সঞ্চালকৰ প্ৰশাসন-পৰিচালনাৰ অধীন হয়।

    এন টি চি পিৰ চাৰিটা উপাংশ :

    • জনসংখ্যাৰ ভিত্তিত ৰাজহুৱা প্ৰৱেশ
    • প্ৰতি- বজাৰ ব্যৱস্থা
    • কৰ্মসূচী নিতি/বিধান ব্যৱস্থা
    • পৰিদৰ্শন আৰু মূল্যায়ণ

    তলত দিয়াবোৰ আছিল বিশেষ পদক্ষেপ কাৰ্য্যকৰীকৰণৰ কাৰণে ( ভাৰত চৰকাৰৰ নিৰ্দেশাৱলী অনুযায়ী)

    ৰাজ্যিক ধপাত নিয়ন্ত্ৰণ কোষ-এটা ৰাজ্যিক ধপাত নিয়ন্ত্ৰণ কোষ আছে ৰাজ্যিক পৰ্য্যায়ত ৰাজ্যৰ সক্ষমতা গঢ় দিয়াৰ বাবে আৰু ফলদায়ক ভাৱে শক্তি প্ৰয়োগ কৰি ধপাত-বিৰোধী আইন কাৰ্য্যকৰীকৰণৰ বাবে আৰু জিলাৰ ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ লগত সু-সমন্বয় ৰক্ষা কৰিবলৈ। ৰাজ্য ধপাত নিয়ন্ত্ৰণ কোষ কৰ্মচাৰীসকল হ`ল ৰাজ্যিক ন`ডাল বিষয়া, এজন ৰাজ্যিক পৰমৰ্শদাতা।

    জিলা ধপাত নিয়ন্ত্ৰণ কোষ (ডি টি চি চি) ধপাত-বিৰোধী আইন প্ৰয়োগ কৰাৰ কাৰণে, ধপাত ব্যৱহাৰত কু-প্ৰভাৱিত হোৱাৰ বিৰুদ্ধে জনসজাগতা বৃদ্ধি কৰিবলৈ। (ডি টি চি চি) কৰ্মচাৰীবোৰ আছিল এজন জিলা ন`ডাল বিষয়া, এজন মনোবিজ্ঞানী,এজন সমাজসেৱক,এজন তথ্য সংগ্ৰহ কৰা অপাৰেটৰ, ৰাজ্যিক গোটৰ দ্বাৰা ঠিকা ভিত্তিত নিয়োগ কৰা হয় ধপাত নিয়ন্ত্ৰণৰ কাম-কাজ পৰিচালনাৰ কাৰণে।

    উদ্দেশ্য

    • সাধাৰণ উদ্দশ্য হ`ল ধপাত উৎপাদিত দ্ৰব্যৰ যোগান আৰু উপযোগীতা হ্ৰাস কৰি অসমৰ জন সাধাৰণক সুৰক্ষিত কৰা।
    • ধপাত নিয়ন্ত্ৰণ আইনৰ সফল প্ৰয়োগ।
    • ধপাতৰ অন্যায়কাৰী প্ৰভাৱৰ প্ৰতি বৃহৎ সজাগতা অনা।
    • টি চি চি ৰ জৰিয়তে ধপাত ব্যৱহাৰ নিবৃত্তি সেৱাৰ যোগান ধৰা।

    বিত্তীয় সাফল্যতা:

    বৰ্ষভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাশিৰাজ্যিক এন টি চি পি কোষ, ডি এইচ এছ,অসমৰ দ্বাৰা ব্যৱহৃত পুঁজিৰ বিৱৰণমন্তব্য
     ২০১২-১৩২৬,২৩,৬১৩/-২৯,৮৬,৬১৩/-ইউ চিৰ দ্বাৰা ভাৰত চৰকাৰক জমা দিয়া হৈছে
    ২০১৩-১৪৫৯,৯৭,০০০/-৪০,৯৪,২৭৮/-ইউ চিৰ দ্বাৰা চৰকাৰক জমা দিয়া হৈছে
    ২০১৪-১৫৬৪,৫০,০০০/-৩০,০০০০/-(ব্যৱহৃত)৩৪,৫০,০০০/-পুঁজিক সম্পূৰ্ণ ব্যৱহাৰ নকৰা হিছাবে ইউ চিৰ দ্বাৰা জমা দিয়া নাই। এন এইচ এমৰ পৰা মোকলাই দিয়া হৈছে ডি এইচ এছ লৈ ৩০/০৯/২০১৫ ত

    পুঁজিৰ ধন আহে ভাৰত চৰকাৰৰ ডি এইচ এছ ৰ অধীনত থকা এন টি চি পি লৈ ৰখা উপ-হিছাব আৰু এন এইচ এম ৰ ৰাজ্যিক বিত্তীয় বিভাগৰ পৰা।
    (ডি এইচ এছ আৰু এছ এন ও ৰ যুটীয়া হস্তাক্ষৰ) হিছাপ পৰীক্ষা কৰা আৰু চি এৰ প্ৰমাণ পত্ৰ ইউ চি/এছ ও ই ভাৰত চৰকাৰৰ ওচৰত জমা দিব লাগে।

    Downloads
    ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্য্যসূচী
    TitleSizeDetail
    National Tobacco Control Programme435.67 KBswf-image