মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service

অন্ধত্ব নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কৰ্মসূচী

  • অন্ধত্ব নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কৰ্মসূচী আৰম্ভ কৰা হৈছিল ১৯৭৬ চনত ১০০ শতাংশ কেন্দ্ৰীয় সাহায্য আঁচনিত প্ৰচলিত অন্ধত্ব ১.৪ % ৰ পৰা ০.৩ % লৈ কম কৰাৰ লক্ষ্য হাতত লৈ। ২০০১-২ চনৰ জৰীপ অনুসৰি প্ৰচলিত অন্ধত্ব ধৰা হৈছিল ১.১ %। অন্ধত্ব দূৰ কৰাৰ ওপৰত খৰটকীয়া জৰীপ কৰা হৈছিল এন পি চি বি ৰ অধীনত ২০০৬-০৭ চনত, দেখুওৱা হৈছে যে প্ৰচলিত অন্ধত্ব হ্ৰাস হৈছে ১.১ %(২০০১-০২)ৰ পৰা ১ % লৈ (২০০৬-০৭)। বিভিন্ন কাৰ্য্য/নিজাকৈ আগভাগ লোৱা হৈ আহিছে পঞ্চ বাৰ্ষিকী পৰিকল্পনাত, এন পি চি বিৰ অধীনত লক্ষ্য লোৱা হৈছিল যে প্ৰচলিত অন্ধত্ব ২০২০ চনৰ ভিতৰত ০৩ %লৈ হ্ৰাস কৰাৰ লক্ষ্য সাধন কৰিবলৈ।

    অন্ধত্বৰ প্ৰধান কাৰণবোৰ তলত দিয়া ধৰণৰ: ছানি ধৰা (৬২.৬ %) প্ৰতিসৰণ ভুল (১৯.৭০%) শ্বেতমণ্ডলৰ অন্ধত্ব (০.৯০%) গ্লুক`মা (৫.৮০%) অস্ত্ৰোপচাৰ জটিলতা (১.২০%)পশ্চাৎ অংশৰ সংপুত স্থিৰ(০.৯০%) পশ্চাৎমণ্ডল বিসংগতি(৪.৯০%) অন্যান্য(৪.১৯%)ৰাষ্ট্ৰীয় প্ৰচলিত শিশুৰ অন্ধত্ব/কম দৃষ্টি অনুমানিক আছে ০.৮০% প্ৰতি হাজাৰত।

    লক্ষ্য আৰু এন পি চি বিৰ দ্বাদশ পৰিকল্পনাৰ উদ্দেশ্য

    • প্ৰাথমিক, দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ত চিনাক্তকৰণৰ জৰিয়তে অন্ধৰ চিকিৎসা কৰি অন্ধত্বৰ পৰিমাণ হ্ৰাস কৰিবলৈ দেশজুৰি চেষ্টা অব্যাহত আছে দৃষ্টি দুৰ্বল কৰা সমগ্ৰ কাৰকৰ মূল্যাংকনৰ ওপৰত ভিত্তি কৰি।
    • চকুৰ স্বাস্থ্যৰ কাৰণে এন পি টি বিৰ ৰণ কৌশল শক্তিশালী আৰু উন্নত কৰা আৰু চকুৰ দৃষ্টি দুৰ্বল কৰাটোক প্ৰতিৰোধ কৰা; সৰ্বাত্মক চকুৰ যতন সেৱা আৰু গুণগত সেৱা প্ৰদান ব্যৱস্থাৰ জৰিয়তে।
    • সংশোধন আৰু শক্তিশলী কৰি আৰ আই ও উৎকৃষ্ট কেন্দ্ৰ হৈ পৰিছে বিভিন্ন উপ বিশেষকৈ নেত্ৰ-প্ৰদাহৰ।
    • বৰ্তি থকা আৰু উন্নয়নশীল অতিৰিক্ত মানৱ সম্পদবোৰ আৰু আন্তঃ গাঁথনিৰ সুবিধাবোৰ উচ্চ মানৰ সৰ্বাত্মক নেত্ৰ যতন যোগান ধৰাৰ কাৰণে দেশৰ সকলোবোৰ জিলাত ব্যৱস্থা কৰা হৈছে।
    • চকুৰ যতনৰ ওপৰত সামূহিক সজাগতা বৃদ্ধি কৰা আৰু প্ৰতিৰোধমূলক কামত জোৰ দিয়া।
    • অন্ধত্ব প্ৰতিৰোধ আৰু দৃষ্টি শক্তিৰ দুৰ্বলতা ৰোধ কৰাৰ কাৰণে গৱেষণা বৃদ্ধি বিস্তৃত কৰা হ`ব।
    • স্বেচ্ছামূলক সংগঠন/চকুৰ যতন, ব্যক্তিগত শিক্ষাবিদৰ অংশ গ্ৰহণ লাভ কৰা ইত্যাদি।
     

    এন. পি. চি. বি.ৰ মানৱ শক্তি, ৰাজ্যিক স্বাস্থ্য সমিতি, অসম

    যুটীয়া  সঞ্চালক, স্বাস্থ্য সেৱা/ৰাজ্যিক কাৰ্য্যক্ৰম বিষয়া
    ইউ. ডি. এ
    এল. ডি. এ. তথা টাইপিষ্ট
    পৰিসাংখ্যিক সহকাৰী
    জি আৰ. IV

    চুক্তিমূলক কৰ্মচাৰী বৃন্দ

    বাজেট আৰু গাণনিক বিষয়া
    ডাটা এণ্ট্ৰি অপাৰেটৰ
    প্ৰশাসনিক সহকাৰী

    অন্য কৰ্মচাৰী জিলাৰ ভিতৰত

    নেত্ৰ বিশেষজ্ঞ১২০(প্ৰায়)
    নেত্ৰ বিশেষজ্ঞ, চুক্তিভিত্তিক৩ জন
    নেত্ৰ সহায়ক ( ১২ জন চুক্তিভিত্তিক)২১০(প্ৰায়)
    ডি. পি. এম মনোনিত(এম আৰু এইচ ও)২১ জন
    ডি. পি. এম., চুক্তিভিত্তিক৬ জন
    ডাটা এণ্ট্ৰি অপাৰেটৰ, চুক্তিভিত্তিক২৭ জন

    এন. পি. চি. বিৰ অধীনৰ কাম-কাজবোৰ (এন. পি. চি বিৰ নিৰ্দেশাৱলী অনুসৰি)

    • কেটাৰেক্টৰ অস্ত্ৰোপচাৰ আৰু সহায়ক সেৱাবোৰৰ কাৰণে এটা আন্তঃগাঁথনি গঠন কৰা।
    • বিদ্যালয়বোৰত নেত্ৰ পৰীক্ষা আৰু প্ৰতিসৰণ সেৱা।
    • নেত্ৰ-স্বাস্থ্য শিক্ষা কাৰ্য্যবোৰ শক্তিশালী কৰা নেৰানেপেৰা আই ই চি কাৰ্য্যৰ দ্বাৰা।
    • আই বেংক সমূহৰ প্ৰতিষ্ঠাৰ লগতে কৰ্ণিয়েল অন্ধতা নিয়ন্ত্ৰণ।
     

    ১. কেটাৰেক্টৰ অস্ত্ৰোপচাৰ আৰু সমৰ্থনযুক্ত সেৱাবোৰ।

    নেত্ৰীয় আঞ্চলিক প্ৰতিষ্ঠান ( আৰ আই ও) এখন গুৱাহাটীত প্ৰতিষ্ঠা কৰিবলৈ লোৱা হৈছে বিশেষ সেৱা-সুবিধা আৰু আন প্ৰতিষ্ঠানলৈ প্ৰেৰণ সহায়ক-সুবিধা লাভ কৰিবলৈ।

    • মেডিকেল কলেজ যেনে এ. এম. চি. এইচ, ডিব্ৰুগড়, এছ এম চি এইচ, শিলচৰ আৰু আয়ুৰ্ৱেদিক কলেজ, গুৱাহাটী, বৰপেটা মেডিকেল কলেজ, বৰপেটা, যোৰহাট মেডিকেল কলেজ, যোৰহাটৰ নেত্ৰ বিভাগবোৰ শক্তিশালী আৰু উন্নত কৰা। নেত্ৰ অস্ত্ৰোপচাৰ, নেত্ৰ ৱাৰ্ড আৰু নেত্ৰ চিকিৎসাৰ আহিলা পাতি আদি মেডিকেল কলেজ আৰু ২৭ খন জিলা হস্পিতেললৈ যোগান ধৰা হয়।
    • আমাৰ আছে প্ৰায় ১২০ জন চকু অস্ত্ৰোপচাৰক। চকু অস্ত্ৰোপচাৰক যিবোৰ জিলাৰ পৰা আহে সেইবোৰক শেহতীয়া অস্ত্ৰোপচাৰ পদ্ধতিৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত কৰা হয় এছ এছ এন গুৱাহাটী, ৰোটাৰি নেত্ৰ চিকিৎসালয়, কটক ,অৰৱিন্দ নেত্ৰ চিকিৎসালয়, মাদুৰাই ইত্যাদিত। সৰ্বমুঠ ১০০ জন চকু অস্ত্ৰোপচাৰকক প্ৰশিক্ষণ দিয়া হৈছে আই ও এল/এছ আই চি এছ আৰু প্ৰায় ২০ জন চকু অস্ত্ৰোপচাৰক প্ৰশিক্ষণ প্ৰাপ্ত কৰা হয় ফাক`-ইমালচিফিকেচনত।
    • ৪৪১ জন মেডিকেল বিষয়া পি এইচ চি ৰ তত্বাৱধায়ক সহিতে, মহকুমা পি এইচ চি আৰু চি এইচ ৰ অধীক্ষকক প্ৰশিক্ষণ দিয়া হৈছে ২০০৪-০৯, ২০০৯-১০ আৰু ২০১০-১১ লৈ পৰিশীলন পাঠ্যক্ৰম হিছাপে।
    • কেটাকেক অস্ত্ৰোপচাৰ সেৱাৰ যোগান ধৰিবলৈ জিলাৰ ভ্ৰাস্যমান গোট গঠন কৰা হয় গ্ৰাম্য আৰু দূৰ দূৰণি অঞ্চলৰ চিকিৎসাৰ বাবে জিলা ব্ৰাস্যমান গোট আছে ৬ টা।
     

    ১. এ এম চি এইচ, ডিব্ৰুগড়
    ২. আৰ আই ও, গুৱাহাটী
    ৩. শোণিতপুৰ
    ৪. নগাওঁ
    ৫. গোৱালপাৰা
    ৬. বৰপেটা

    নেত্ৰ যতন সেৱাত এন জি ও অংশগ্ৰহনকাৰী সকলক সহায় সমৰ্থন কৰা হৈছিল জি টি এ ৰ দ্বাৰা।

    কেটাৰেক্ট অষ্টোপ্ৰচাৰ পৰিৱেশন : (২০১১-১২ পৰা ২০১৪-১৫ লৈকে)

    বৰ্ষলক্ষ্যসাফল্য
    চৰকাৰীপ্ৰাঃএন জি ওমুঠ
    ২০১১-১২৮৩৩০০২৭৬৮৫১১৫৭০২৪৩০০৬৩৫৫৫
    ২০১২-১৩৮৫০০০২৮৩৩০১৩৭৯৯২৯৬৬৬৭১৭৯৫
    ২০১৩-১৪৮৫০০০২৯৭৫০১৯৬১৩২৩১৩৬৭২২৪৯৯
    ২০১৪-১৫৮৫০০০২৭৬৫৯১৩৩৯৫৩২০২৭৭৩০৮১

    ২. বিদ্যালয়বোৰত চকু চিকিৎসা আৰু প্ৰতিসৰণ সেৱা

    এই কাৰ্য্যসূচী বৰ্তমান হাতত লোৱা হৈছে আমাৰ ২৭ খন এন পি চি বি জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা তিনি ধৰণৰ প্ৰতিসৰণ সংশোধনৰ অধীনত।

    • বিদ্যালয়ৰ ছাত্ৰৰ হ্ৰস্ব দৃষ্টি সংশোধন
    • ৪০ বছৰৰ অধিক বয়সৰ কাৰণে প্ৰেছবায়`পিক সংশোধন।
    • কিছুমান কেটাৰেক্ট অস্ত্ৰোপচাৰ কৰা ৰোগীৰ প্ৰতিসৰণ সংশোধনৰো প্ৰয়োজন হয়। এই ধৰণৰ কাম পৰিচালনা কৰাৰ কাৰণে আমি আগভাগ লৈছো। তলত দিয়াবোৰৰ এন. পি. চি. বি নিৰ্দেশাৱলী হিছাপে দিয়া হ`ব। মানৱ শক্তিৰ কাৰণে পি এম ও এ ৰ প্ৰশিক্ষণ, চি এইচ চি/উন্নত পি এইচ চি ত প্ৰতিসৰণ সেৱা আগবঢ়োৱা হয়। পি এম ও এ প্ৰতিসৰণৰ কাম হাতত লোৱা হয় আৰু চকু চিকিৎসা শিবিৰ সংগঠিত ৰূপত চলাই যায়। পি এইচ চি এলেকাত প্ৰায় ২১০ জন পি এম ও এ আছে (২১০ জনৰ ভিতৰত ১২ জন ঠিকা ভিত্তিত) আৰু সকলোবোৰ ইতিমধ্যে প্ৰশিক্ষণ দিয়া হয় ও টিৰ নিয়মানুসাৰে। মুঠ ৫৫০০০ জন মাধ্যমিক বিদ্যালয়ৰ শিক্ষকক ইতিমধ্যে প্ৰশিক্ষিত কৰা হৈছে ৪৫০০০ (প্ৰায়) খন মাধ্যমিক বিদ্যালয়ৰ পৰা। বিজ্ঞান বিষয়ক মূল পাঠ হিছাপে লৈ অহৰ্তা সম্পন্ন হোৱা মহিলা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হয় আৰু প্ৰতিখন বিদ্যালয়ৰ পৰা এজন শিক্ষক থাকিব।
    • আন্ধাৰ কোঠা নিৰ্মাণ আৰু দৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হ`ব উন্নত পি এইচ চি আৰু চি এইচ চি বোৰত।
    • আমি ইতিমধ্যে প্ৰায় ১৩০ টা দৰ্শন কেন্দ্ৰ বিভিন্ন জিলাত প্ৰতিষ্ঠা কৰিলো আৰু সকলোবোৰেই সুন্দৰ ভাৱে কাম কৰি আছে। ৬৪ খন দৰ্শন কেন্দ্ৰৰ বাবে পুঁজি ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ২০১২-১৩ বিত্তীয় বৰ্ষৰ শেষত।
     

    প্ৰতিসৰণ ত্ৰুটিৰ কাৰণে চশমাৰ ব্যৱস্থা কৰা হয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জিলা স্বাস্থ্য সমিতি, এম. পি. চি. বি. লৈ আগবঢ়োৱা পুঁজিৰ পৰা বি পি এল পৰ্য্যায়ৰ পৰিয়ালৰ হকে।

    বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নেত্ৰ আচ্ছাদন কাৰ্য্য সম্পাদন ২০১০-১১ ৰ পৰা ২০১৪-১৫ চনলৈ

     বৰ্ষ ২০১০-১১বৰ্ষ ২০১১-১২বৰ্ষ ২০১২-১৩বৰ্ষ ২০১৩-১৪বৰ্ষ ২০১৪-১৫
    লক্ষ্যসাফল্যলক্ষ্যসাফল্যলক্ষ্যসাফল্যলক্ষ্যসাফল্যলক্ষ্যসাফল্য
    স্কুলৰ শিশু স্ক্ৰীনিং৩০০০০০২৬৮৫৭০৩০০০০০৭৬২৪১৩৫০০০০০৭১৭৫১৬১৫০০০০০১৯১৭৮৯৭-১৮৪৯৮৫৭
    আৰ. ই. চিনাক্ত-১৪৩৭৫-৪৯৮৩১-৮০৮৩১১০৫০০০১১৯৮৫৭-১৩৫১৪২
    বিনামূলীয়া গ্লাছ প্ৰদান৩৫০০৪০৩৪৩৫০০২৩০৭৪-৪৩৭৯১৩১৫০০৩৮০৪৬৪২০০০৪৩৪৬৫
    স্কুলৰ শিক্ষ্যকক প্ৰশিক্ষণ প্ৰদান-২৯৪৪-৪০৫৯-৩৯৪০-৪৭১৭-৪৬৯৯

    ৩. আই ই চি বিস্তৃত কাৰ্য্যৰ দ্বাৰা নেত্ৰ স্বাস্থ্য শিক্ষাকাৰ্য্য সবলীকৰণ।:

    কেটাৰেক্ট অস্ত্ৰোপচাৰ, নেত্ৰ দান আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নেত্ৰ আচ্ছাদন কাৰ্য্যসূচী আদি নিৰ্ভৰশীল তথ্য, শিক্ষা আৰু যোগাযোগ কাৰ্য্যৰ ওপৰত।

    • ৰাষ্ট্ৰায় নেত্ৰদান পষেক ২৫ আগষ্টৰ পৰা ৮ চেপ্তেম্বৰলৈ চলিছিল।
    • বিশ্ব দৃষ্টি দিৱস প্ৰতিবছৰৰ অক্টোবৰ মাহৰ প্ৰতি দ্বিতীয় বৃহস্পতিবাৰত অনুষ্ঠিত কৰা হয়।
     

    আই ই চি ৰ সাধাৰণ কাৰ্য্যবোৰ হ`ল: বিজ্ঞাপন প্ৰদৰ্শন, পোষ্টাৰিং, বেনাৰ আঁৰি দিয়া, দেৱাল লিখন, নতুন পত্ৰৰ বিজ্ঞাপন দিয়া, টি ভি আৰু ৰেডিঅ`ত আলোচনা, ছপা আহিলা, সজাগতা সভা আৰু কাৰ্য্যসূচী, শোভাযাত্ৰা, বাটৰ নাট, সুন্দৰ নেত্ৰ প্ৰতিযোগিতা শিশু জ্যোতিমেলা সংগঠিত কৰা, নেত্ৰদান শিবিৰ পতা ইত্যাদি।

    ৪. কৰ্ণিয়াৰ অন্ধত্ব নিয়ন্ত্ৰণৰ লগতে নেত্ৰ বেংক প্ৰতিষ্ঠা কৰা

    কছুমান অৱস্থা যেনে ভিটামিন `এ`ৰ অভাৱ, সৰু আই, ট্ৰেকোমা, চকুৰ স্বেতমণ্ডলৰ ঘাঁ ইত্যাদিয়ে স্বেতমণ্ডললৈ আন্ধাৰ নমাই আনিব পাৰে।স্বেতমণ্ডলৰ জোৰা-কলম হ`ল একমাত্ৰ উপায় দৃষ্টি সংস্থাপন (দান) কৰিবলৈ।নেত্ৰদানৰ আন্তঃগাঁথনি উন্নত কৰা।

    এই উদ্দেশ্যৰ কাৰণে এন. পি. চি. বি., অসম ৰাজ্যিক সমিতিয়ে তলত উল্লেখ কৰা নেত্ৰ বেংক আৰু নেত্ৰদান কেন্দ্ৰ স্থাপন কৰাত সমৰ্থন সহায় আগবঢ়াইছে:

    নেত্ৰ বেংক:

    • নেত্ৰ প্ৰদাহ বিজ্ঞানৰ আঞ্চলিক প্ৰতিষ্ঠান, গুৱাহাটী (চৰকাৰী খণ্ডত)
    • অসম মেডিকেল কলেজ, ডিব্ৰুগড় ( চৰকাৰী খণ্ডত)
    • শিলচৰ মেডিকেল কলেজ, শিলচৰ ( চৰকাৰী খণ্ডত)
    • শ্ৰী শঙ্কৰদেৱ নেত্ৰালয়, গুৱাহাটী ( এন জি ও)
    • জ্যোতি আই বেংক, যোৰহাট ( এন জি ও)
     

    নেত্ৰদান কেন্দ্ৰ:

    • নেত্ৰজ্যোতি চকুদান কেন্দ্ৰ ( এন জি ও খণ্ড)
    • লায়ন আই হস্পিতেল, গুৱাহাটী ( এন জি ও খণ্ড)
    • নলবাৰী আই হস্পিতেল, নেত্ৰদান কেন্দ্ৰ ( এন জি ও খণ্ড)
    • ৰঙিয়া এফ আৰ ইউ (চৰকাৰী খণ্ড)
     

    নেত্ৰ বেংকৰ প্ৰদৰ্শন ২০১১-১২ ৰ পৰা ২০১৪-১৫ ৰ (১৪ জুলাইলৈ)

    বৰ্ষ মুঠ
    ২০১১-১২সংগ্ৰহ৩২৯
    প্ৰত্যাৰোপণ১৯২
    ২০১২-১৩সংগ্ৰহ৩১৫
    প্ৰত্যাৰোপণ২০৪
    ২০১৩-১৪সংগ্ৰহ৫৪৫
    প্ৰত্যাৰোপণ২৬৪
    ২০১৪-১৫সংগ্ৰহ৪২৩
    প্ৰত্যাৰোপণ২০৬

    শাৰীৰিক প্ৰদৰ্শন

    বৰ্ষবিৱৰণলক্ষ্যসাফল্য
    ২০১৪-১৫কেটেৰেক্ট অস্ত্ৰোপচাৰ৮৫০০০৭৩০৮১
    বিনামূলীয়া চশমা প্ৰদান৪২০০০৪৩৪৬৫
    বৃ্দ্ধ ব্যক্তিক চশমা প্ৰদান(ওচৰৰ দৃষ্টি)৬০০০০৬০০০০
    আই বেংকিং (কৰ্ণিয়া সংগ্ৰহ)৪২০৪২৩
    আই বেংকিং (কৰ্ণিয়া সংৰোপণ)জি ও আইৰ দ্বাৰা প্ৰদান নকৰা২০৬
    ২০১৫-১৬ (চেপ্তেম্বৰ /২০১৫ লৈকে)কেটেৰেক্ট অস্ত্ৰোপচাৰ৮৫০০০৩১৩০৮
    বিনামূলীয়া চশমা প্ৰদান৪২০০০১০০৪১
    বৃ্দ্ধ ব্যক্তিক চশমা প্ৰদান(ওচৰৰ দৃষ্টি)৬০০০০৩৬০০০
    আই বেংকিং (কৰ্ণিয়া সংগ্ৰহ)৪২০১৩৭
    আই বেংকিং (কৰ্ণিয়া সংৰোপণ)জি ও আইৰ দ্বাৰা প্ৰদান নকৰা৫৯

    বিত্তীয় কৰ্মক্ষমতা : ২০১৩-১৪ পৰা ২০১৫-১৬ লৈকে

    ক্ৰ. নংবৰ্ষআৰম্ভণিৰ ধনৰাশিঅনুদান প্ৰাপ্তবেংক সূতমুঠ প্ৰাপ্তিব্যয়বাকীব্যৱহৃত %
    ২০১৩-১৪৪২,৮৭,০২৩.৮৮ টকা৮,৬৩,৪৪,০০০ টকা৬,৪৬,৩১৩.০০  টকা৯,১২,৭৭,৩৩৬.৮৮ টকা৭,৯৬,৯৬,১৯৬.০০ টকা১,১৫,৮১,১৪০.৮৮ টকা৮৭.৩১২%
    ২০১৪-১৫১,১৫!৮১,১৪০.৮৮ টকা১২,৩৭,৬৯,০০০.০০ টকা৯,৮৮,৫১৩.০০ টকা১৩,৬৩,৩৮,৬৫৩.৮৮ টকা১১,৯৭,৬৩,৮২৭.০০ টকা১,৬৫,৭৪,৮২৬.৮৮ টকা৮৭.৮৪২%
    ২০১৫-১৬১,৬৫,৭৪,৮২৬.৮৮ টকা৬৫,৮০,০০০.০০ টকা(  জি ও আই দ্বাৰা মোকলাই দিয়া ৰাশি ২০১৪-১৫ বৰ্ষৰ কাৰণে কিন্তু গ্ৰহণ কৰে এন পি চি বিয়ে ২০১৫-১৬ বৰ্ষৰ কাৰণে)৫,৬৬,৮৯৬.০০ টকা২,৩৭,২১,৭২২.৮৮ টকা১,৯৩,৪৬,৯১৮.০০ টকা৪৩,৭৪,৮০৪.৮৮ টকা৮১.৫৫৭%