শ্ৰৱণ শক্তিহীনতা আজিকালি মানৱ শৰীৰৰ এটা অতি সাধাৰণ সংজ্ঞা সম্বন্ধীয় অভাৱৰূপে দেখা দিছে। সম্প্ৰতি প্ৰতি এক লাখৰ ভিতৰত ২৯১ জন লোক মাৰাত্মক বধিৰতাত ভোগা দেখা গৈছে। ইয়াৰ বৃহৎ পৰিমাণ হৈছে ০ ৰ পৰা ১৪ বছৰ বয়সৰ শিশু, ইয়াৰ ফলত শাৰীৰিক আৰু আৰ্থিক উৎপাদনত বুজন পৰিমাণৰ লোকচান হৈছে।
অসমৰ ৯ খন জিলাকে ধৰি ভাৰতৰ ইউ টি এছ/১১ খন ৰাজ্যত পাইলট ধৰণৰ কৰ্মসূচীৰ শুভাৰম্ভ কৰা হৈছিল ২০০৭ চনত। অসমৰ জিলাসমূহ হ`ল নলবাৰী, দৰং, শোণিতপুৰ, লখিমপুৰ, কামৰূপ মেট্ৰো, নগাওঁ, যোৰহাট, শিৱসাগৰ আৰু গোৱালপাৰা।
২০১৬-১৭ চনৰ বিত্তীয় বৰ্ষ আৰু ৯ খন জিলা যোগ কৰি কৰ্মসূচীটো সম্প্ৰসাৰণ কৰিবলৈ প্ৰস্তাৱ ৰখা হৈছিল আৰু একেটাক অনুমোদন কৰা হৈছিল তলত উল্লেখ কৰা জিলাকেইখনলৈ- কোকৰাঝাৰ, বৰপেটা, কামৰূপ গ্ৰাম্য গোলাঘাট, ডিব্ৰুগড়, ধুবুৰী, কাচাৰ, কৰিমগঞ্জ, হাইলাকান্দি।
Title | Size | Detail |
---|---|---|
বধিৰতাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যসূচী(এন পি পি চি ডি), অসম | 177.86 KB |