- সংক্ষিপ্ত অৱলোকন:
জন্মৰ প্ৰমাণ পত্ৰ খন এখন বৰ গুৰুত্বপূৰ্ণ পৰিচয়ৰ তথ্যপত্ৰ যি খনে যি কোনো এজনক সম্ভৱ কৰি তোলে অধিকাৰ, ভাৰত চৰকাৰে ইয়াৰ নাগৰিকক দিয়া সেৱামূলক অৱধিৰ লাভ গ্ৰহণ কৰিবলৈ। জন্ম পত্ৰখন লাভ কৰাৰ প্ৰয়োজন আছে কাৰণ ইয়ে এজনৰ জন্মৰ তাৰিখ আৰু তথ্য প্ৰমাণ প্ৰতিষ্ঠা কৰে সকলো পৰিসৰৰ উদ্দেশ্যৰ কাৰণে, যেনে ভোটৰ অধিকাৰ লাভ কৰা, বিদ্যালয়ত নাম ভৰ্তি কৰোৱা আৰু চৰকাৰী চাকৰিৰ কাৰণে, যথা সম্ভৱ বৈধ বয়সত বিয়া-বাৰু পতাৰ অধিকাৰ, পৈত্ৰিক স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ অধিকাৰ প্ৰাপ্তিৰ মীমাংসা আৰু চৰকাৰে প্ৰকাশ কৰা পৰিচয় পত্ৰ যেনে ড্ৰাইভিং লাইচেঞ্চ বা পাচপোৰ্ট আদি লাভৰ বাবে।
- সেৱাৰ নিয়মিত যোগানৰ কাৰণে সামগ্ৰীক ব্যৱস্থা
- প্ৰ-পত্ৰ পুৰণৰ কাৰণে
জন্মৰ প্ৰমাণ পত্ৰৰ কাৰণে আবেদন
- প্ৰ-পত্ৰ ভৰ্তি কৰাৰ নিৰ্দেশাৱলী
- এজন শিশু জন্মৰ পৰা ২১ দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগে।
- জন্মৰ পৰা ২১ দিনৰ নিৰ্ধাৰিত সময়ত যি পঞ্জীয়ন কৰিবলৈ অপাৰগ সেইজনে অভিযোগহীনতাৰ প্ৰমাণ পত্ৰ (এন ও চি ) লাভ কৰিব লাগে যিখন প্ৰকাশ কৰা হয় যেতিয়া জন্মৰ পাছৰ পৰা এবছৰৰ বেছি সময় উকলি যায়।
- আবেদনকাৰীয়ে প্ৰমাণ পত্ৰৰ কাৰেণে আবেদন কৰিব পাৰে উপায়ুক্তৰ কাৰ্য্যালয়ত, ৰাজহুৱাভাৱে সুচল কেন্দ্ৰৰ ৰচিদ কাউণ্টাৰত।
- আপেৰেটৰে আবেদন গ্ৰহণ কৰি কম্পিউটাৰৰ পৰা বাহিৰ কৰা ৰচিদ দিব।
- আবেদন পত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰমাণ পত্ৰৰ প্ৰিণ্ট আউট ল`ব পাৰিব।
- প্ৰমাণ পত্ৰ, নথি-পত্ৰ সহিতে সংশ্লিষ্ট বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হয় আৰু স্বাক্ষৰৰ জৰিয়তে বিষয়াৰ অনুমোদন লাভ কৰি প্ৰমাণ পত্ৰ খন ৰচিদ কাউণ্টাৰৰ ওচৰলৈ ঘূৰাই পঠোৱা হয় আবেদনকাৰীৰ হাতত প্ৰদান কৰিবলৈ
`প্ৰয়োজনীয় নথি-পত্ৰ শাখা`ৰ অধীনত তালিকাভূক্ত কৰা দৰকাৰী নথিসমূহ থকাতো নিশ্চিত কৰি স্বাস্থ্য সেৱাৰ সঞ্চালকায়ত প্ৰৱেশ কৰি যথা ৰীতি অনুসৰি আবেদন কৰিব লাগে।
- অৰ্হতাসম্পন্ন শ্ৰেণী : প্ৰতিটো জন্মৰ প্ৰতিবেদন পঠাব লাগে আৰু নিৰ্ধাৰিত প্ৰতিবেদনৰ প্ৰ পত্ৰত ২১ দিনৰ ভিতৰত পঞ্জীয়ন কৰাব লাগে জন্ম হোৱা ঠাইত।
- পৰিশোধ কৰাৰ ধৰণ সহিতে মাচুল : আনলাইন `প্ৰক্ৰিয়াকৰণ মাচুল ৩০ টকা, প্ৰতি পৃষ্ঠাৰ ছপা মাচুল ১০ টকা, স্কেনিং মাচুল ৫ টকা`।
- প্ৰয়োজনীয় নথি-প্ৰত্ৰৰ লগতে অন্তৰ্ভূক্ত হ`ব
(ক) আবেদন প্ৰ পত্ৰৰ স্কেন কপি
(খ) হস্পিতেল বা নাৰ্চিং হোমৰ পৰা উলিওৱা জন্মৰ প্ৰমাণ পত্ৰ (বাধ্যতামূলক)
(গ) গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ (বাধ্যতামূলক)
(ঘ) গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ (বাধ্যতামূলক)
(ঙ) আন যি কোনো নথি পত্ৰ
- গুৰুত্বপূৰ্ণ সময়সূচী
(ক) দাখিল কৰা নিৰ্দিষ্ট দিন : জন্মৰ তাৰিখৰ পৰা ২১ দিনৰ ভিতৰত।
(খ) প্ৰক্ৰিয়াকৰণৰ সময় (প্ৰায়) দহ দিন।
- যিকোনো প্ৰশ্ন সোধাৰ কাৰণে কাৰ লগত যোগাযোগ কৰিব –
যি কোনো জিলাৰ স্বাস্থ্যৰ সেৱাৰ যুটীয়া সঞ্চালকক।
- সেৱাবোৰ অন লাইন নে অফলাইন
(ক) অফ লাইনৰ কাৰণে : ৰাজহুৱা সুবিধাজনক কেন্দ্ৰ
(খ) অন লাইনৰ বাবে: "www.assam.gov.in"
- সেৱাৰ ফলাফল : জন্মৰ প্ৰমাণ পত্ৰ