দেহৰ অংগ সংৰোপন এটা চিকিৎসা পৰিক্ৰমা য`ত এজনৰ শৰীৰৰ পৰা দেহৰ অংগ এটা আঁতৰাই আনি গ্ৰহণকৰোঁতাৰ শৰীৰত প্ৰতিষ্ঠা কৰা হয় যিজন লোকৰ দেহৰ অংগ নষ্ট হৈছে বা হেৰুৱাব লগাত পৰিছে। প্ৰদান কৰোঁতা আৰু গ্ৰহণ কৰোঁতা হ`ব লাগে একেটা স্থানৰে নতুবা দেহাংগ প্ৰদান কৰোঁতাৰ পৰা দূৰত্ব বা আন স্থানত থকা গ্ৰহণ কৰোঁতালৈ পঠাব পাৰি। কোষ বা দেহাংগ যিবোৰ সংৰোপ কৰা হয় একেজন ব্যক্তিৰ এটা ঠাইৰ পৰা আন এটা ঠাইত তাক কোৱা হয় অট`গ্ৰাফট্। সংৰোপন যেতিয়া একে প্ৰজাতিৰ দুটা জীৱৰ মাজত সম্পাদিত কৰা হয় সেইটোক কোৱা হয় এল`গ্ৰাফট্। এল`গ্ৰাফট্ হয়টো জীৱিত বা মৃত শৰীৰৰ পৰা কৰিব পাৰি।
দেহৰ অংগ যিবোৰ কৃতকাৰ্য্যতাৰে সংৰোপণ কৰা হয় সেই সমূহৰ অন্তৰ্গত হ`ল হৃদযন্ত্ৰ, যকৃত, বৃক্ক, হাওঁফাওঁ, অগ্ন্যাশয়, অন্ত্ৰ আৰু থায়মাছ। কিছুমান অংগ যেনে মগজু কোনো প্ৰকাৰে সংৰোপণ কৰিব নোৱাৰি। হাড়কে ধৰি কোষ-কলা, পেশী-সিৰা (দুয়ো বিধকে জোৰা-কলম, পেশী-জকা কোৱা হয়) কৰ্ণিয়া, ছাল, হৃদযন্ত্ৰৰ ভাল্ভ, সিৰা আৰু স্নায়ুকো নোৱাৰি। বিশ্বযুৰি বৃক্ক সংৰোপন সাধাৰণ কথা হৈ পৰিছে লগতে যকৃত আৰু তাৰ পাছত হৃদযন্ত্ৰ। কৰ্ণিয়া আৰু পেশী-জকা,জোৰা-কলম বহুলভাৱে সংৰোপণ কৰা কোষ কলা। এই সৰহীয়া অংগ সংৰোপণ দহ গুণৰো বেছি হ`ব।
অসমে মানৱ দেহাংগ সংৰোপণ আইন ১৯৯৪ গ্ৰহণ কৰিছে ১৯৯৬ চনত। আইনখন সংশোধন কৰা হয় ২০১১ চনত আৰু নতুন নীতি কাৰ্য্যকৰী হয় ২০১৪ চনৰ পৰাহে, পূৰ্বৰ আইনক অতিক্ৰমি। এনেকুৱা সংৰোপনৰ বাবে বিভিন্ন সা-সৰঞ্জামৰ প্ৰয়োজন হয় যিবিলাকৰ কাৰণে যি ব্যৱস্থা সুবিধাজনক হয়।