ব্যৱহাৰ কৰা সঁজুলি, প্ৰযুক্তি বা সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ সকলো প্ৰকাৰৰ ব্যৱহাৰকাৰীয়ে বিভাগীয় এই ৱেবচাইটটো যাতে বিচৰণ কৰিব পাৰে সেইটো নিশ্চিত কৰিবৰ বাবে আমি বদ্ধপৰিকৰ । ইয়াৰ দৰ্শনাৰ্থীক সৰ্বোচ্চ বিচৰণ ক্ষমতা আৰু ব্যৱহাৰযোগিতা প্ৰদান কৰিব পৰাৰ উদ্দেশ্য লৈয়েই এই ৱেবচাইটটো সজা হৈছে । ফলস্বৰূপে, এই তথ্যপুঞ্জীটো বিভিন্ন সঁজুলি যেনে ডেস্কটপ, লেপ্টপ কম্পিউটাৰ, ইন্টাৰনেটেৰে সংযুক্ত হৈ থকা ভ্ৰাম্যমান সঁজুলি আদিৰপৰাও চাব পাৰি । দিব্যাংগ লোকসকলেও যাতে এই তথ্যপুঞ্জীৰ সকলো তথ্য যাতে বিচৰণ কৰিব পাৰে, তাৰ বাবে আমি আমাৰ সকলোধৰণেৰে প্ৰচেষ্টা চলাইছো । উদাহৰণস্বৰূপে, সহায়কাৰী প্ৰযুক্তি যেনে স্ক্ৰীণ ৰিডাৰ আৰু স্ক্ৰীণ বৰ্ধকৰ সহায়ত দৃষ্টিত আঁসোৱাহ থকা ব্যক্তিয়েও এই তথ্যপুঞ্জীত বিচৰণ কৰিব পাৰিব ।
এই তথ্যপুঞ্জীৰ দৰ্শনাৰ্থীৰ সহায়ক হোৱাকৈ সাধাৰণীকৃত নীতি-নিয়মসমূহৰ সৈতে খাপ খোৱা আৰু সৰ্বাত্মক ৰূপ তথা ব্যৱহাৰযোগিতাৰ বাবে আমিও বিধিসমূহ মানিবলৈ চেষ্টা কৰোঁ। ভাৰতীয় ৱেবচাইটসমূহৰ প্ৰতি থকা ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনা আৰু World Wide Web Consortium(W3C) ৰ দ্বাৰা নিৰ্ধাৰিত Web Content Accessibility Guidelines (WCAG) 2.0ৰ নীতি-নিৰ্দেশনাসমূহ পালিত হোৱাকৈ এই তথ্যপুঞ্জটি XHTML 1.0 Transitional ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে । এই তথ্যপুঞ্জীৰ কিছু অংশ বাহিৰা ৱেবচাইটৰ যুগসূত্ৰৰে সজোৱা হৈছে । বাহিৰা ৱেৱচাইটসমূহ সংশ্লিষ্ট বিভাগসমূহৰদ্বাৰা নিৰ্মিত আৰু তেওঁলোক এইবোৰৰ উপলব্ধতাৰ বাবে দায়ী । যদিও এই বিভাগে এই ৱেবচাইটটো দিব্যাংগ লোকসকলে এই ৱেবচাইটটো বিচৰণ কৰিব পৰাকৈ সাজিবলৈ চেষ্টা কৰি আছে, তথাপি বৰ্তমানে পোৰ্টেবল ডকুমেন্ট(PDF)সমূহ বিচৰণসক্ষম নহয় । ইয়াৰ উপৰিও, হিন্দী ভাষাত উপলব্ধ হোৱা তথ্যসমূহো বিচৰণ-সক্ষম নহয় ।
যদি এই তথ্যপঞ্জীৰ বিচৰণক্ষমতাৰ বিষয়ত আপোনাৰ কোনো সমস্যা বা অভিমত আছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ লিখক, যাতে আমি আপোনাক সহায় কৰিব পাৰোঁ। আপোনাৰ যোগাযোগৰ সৱিশেষৰ লগতে সমস্যাটোৰ প্ৰকাৰো আমাক ব্যক্ত কৰক।
বিচৰণৰ সুবিধাৰ্থে DIT ৱেবচাইটটোত সংযোগ কৰা বৈশিষ্টসমূহ হ'ল:
মূল বিষয়-বস্তু সমূহলৈ পোনছাটেই যোৱা: আওৰাই থকা সংগমন মেন্যুসমূহ আওকাণ কৰি পৃষ্ঠাটোৰ মূল বিষয়বস্তুসমূহলৈ যোৱাৰ অৰ্থে পোনপটীয়া বিচৰণৰ সুবিধা কি-বোৰ্ডৰ ব্যৱহাৰ কৰি পাব পাৰিব ।
>মূল ছৱি: শিকাৰ ক্ষেত্ৰত আঁসোৱাহ থকা ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ্থে আখৰৰ লগতে মূল ছৱিও সংলগ্ন কৰা হৈছে । মূল বিচৰণৰ পথসমূহৰ ওপৰিও গুৰুত্বপূৰ্ণ বৈশিষ্ট যেনে প্ৰিন্ট কৰা বা ইমেইল কৰা ইত্যাদিৰ লগতো আখৰৰ লেবেলৰ লগত মূল ছৱি সংযোজিত কৰা হৈছে ।
বিচৰণৰ বিকল্পসমূহ: আখৰৰ আকাৰ বদলোৱা, ৰং সলোৱা আৰু আখৰৰ মাজৰ ফাঁক বঢ়োৱা আদি সুবিধা দিয়া হৈছে ।
ফাইলৰ প্ৰকাৰ আৰু আকাৰ চিনাক্তকৰণ: লিংক হৈ থকা আখৰৰ লগত বিভিন্ন ৰকমৰ ফাইল যেনে ৱৰ্ড, পিডিএফ, এক্সেল আদিৰ ভিন্ন বিকল্পৰ তথ্য দিয়া হৈছে । তাৰোপৰি, ফাইল প্ৰকাৰৰ লগতে সিহঁতক বুজোৱা ছৱি একোটাহঁত দিয়া হৈছে । এইটোৱে ব্যৱহাৰকাৰীসকলক কোন ৰকমৰ ফাইলৰ প্ৰয়োজন হয় সেয়া সিদ্ধান্ত লোৱাত সহায় কৰে । উদাহৰণস্বৰূপে, যদি এটা লিংকে এটা পিডিএফ ফাইল খোলে তেন্তে তাৰ কাষত থকা কথাখিনিয়ে ফাইলটোৰ আকাৰ আৰু প্ৰকাৰৰ সৱিশেষ বৰ্ণনা কৰে ।
শিৰোনামাসমূহ: ৱেবপেজটোত থকা বিষয়বস্তুসমূহ উপযুক্ত শিৰোনামা আৰু উপ-শিৰোনামাৰ দ্বাৰা সজোৱা হৈছে যাতে সেইবোৰ পঢ়িবৰ বাবে সুবিধাজনক হয় । H1 য়ে এটা শিৰোনামা আৰু H2য়ে এটা উপ-শিৰোনামা বুজায় ।
উপাধি: প্ৰতিটো ৱেবপেজৰে একো একোটা স্পষ্ট উপাধি প্ৰদান কৰা হৈছে যাতে সি পৃষ্ঠাটোৰ বিষয়বস্তুৰ উপযুক্তভাৱে প্ৰতিনিধিত্ব কৰিব পাৰে ।
বিকল্প আখৰ: দৃষ্টিশক্তিৰ আঁসোৱাহ থকা লোকৰ সুবিধাৰ্থে প্ৰতিটো ছৱিৰে বিকল্প বিষয়বস্তুৰ বিৱৰণ আখৰেৰে দিয়া হৈছে । যদি আপুনি এনে এটা ব্ৰাউজাৰ ব্যৱহাৰ কৰিছে যিয়ে কেৱল আখৰহে প্ৰদৰ্শন কৰিব পাৰে বা য'ত ছৱিসমূহ লুকুৱাই ৰখা হয়, তেন্তে তেতিয়াও আপুনি সেই ছৱিটোৱে কি বুজাব খুজিছে সেয়া পঢ়ি বুজি ল'ব পাৰিব । ইয়াৰ ওপৰিও , কিছুমান ব্ৰাউজাৰে এই বিকল্প আখৰসমূহ ছৱিৰ ওপৰেৰে মাউচটো অনা-নিয়া কৰিলে টুলটিপ হিচাপে প্ৰদৰ্শন কৰে ।
সুদৃঢ় বিচৰণ পদ্ধতি: বিচৰণ আৰু প্ৰদৰ্শনৰ সুদৃঢ় পদ্ধতি সমগ্ৰ ৱেবচাইটটোতে ৰূপায়ন কৰা হৈছে ।
কিবোৰ্ডৰ সহায়: এই ৱেবচাইটটো কিবোৰ্ডৰ সহায়েৰে টেব কি আৰু ছিফ্ট তথা টেব কি দবাই চাব পাৰিব ।
সলাব পৰা আখৰৰ আকাৰ: ব্ৰাউজাৰৰ সহায়ত, বিচৰণৰ বিকল্পসমূহ থকা পৃষ্ঠাটোৰ যোগেদি নতুবা ওপৰত থকা আখৰৰ আকাৰ সলোৱা মূলছৱিটোত টিপি এই ৱেবচাইটৰ পৃষ্ঠাসমূহৰ আখৰৰ আকাৰ সৰু বা ডাঙৰ কৰিব পাৰিব ।
চকুত লগা ৰং সাল সলনি কৰা: দৃষ্টিশক্তিৰ আসোঁৱাহ থকা ব্যক্তিৰ সুবিধাৰ্থে ৱেবচাইটত ৰং সলনি কৰাৰ সুবিধা দিয়া হৈছে । ৱেবপেজৰ ৰং সলোৱা সুবিধাটোৱে আখৰৰ মাজত থকা ফাঁকও বঢ়ায় । শব্দৰ মাজত থকা বগা ফাঁক সমূহ বঢ়োৱাৰ বাবে বিচৰণৰ বিকল্পসমূহে সহায় কৰে । এনে ফাঁকসমূহ সৰ্বোচ্চ দুটা স্তৰলৈকে বঢ়াব পাৰি । যিসকল ব্যৱহাৰকাৰীয়ে কম ফাঁক থকা শব্দৰে পঢ়িবলৈ অসুবিধা পায়, সেইসকল লোকৰ বাবে এই বিকল্পটোৱে সহায় কৰে ।
স্ক্ৰিণখনৰ প্ৰদৰ্শনী নিয়ন্ত্ৰণ কৰিবৰ বাবে এই ৱেবচাইটত থকা বিচৰণৰ বিকল্পসমূহ ব্যৱহাৰ কৰক । এই বিকল্পসমূহে স্পষ্ট চাৱনি আৰু পঢ়াৰ সুবিধাৰ্থে ৱেবচাইটটোৰ আখৰৰ মাজৰ ফাঁক বঢ়োৱাত বা আখৰৰ আকাৰ সলনি কৰাত বা ৰং সলনি কৰাত সহায় কৰে ।
আখৰৰ আকাৰ সলনি কৰা: আখৰৰ আকাৰ সলনি কৰায়ে মান্যতাপ্ৰাপ্ত আকাৰতকৈ ডাঙৰ বা সৰু কৰাটোক সূচায় পঢ়াৰ সুবিধা হোৱাকৈ আখৰৰ আকাৰ সলনি কৰাৰ বাবে মুঠ পাঁচটা বিকল্প আপোনাক দিয়া হৈছে, সেইয়া হ'ল:
আটাইতকৈ ডাঙৰ: তথ্যখিনিক আটাইতকৈ ডাঙৰ আকাৰৰ আখৰত উপস্থাপন কৰে ।
অলপ ডাঙৰ: মান্যতাপ্ৰাপ্ত আখৰৰ আকাৰতকৈ অলপ ডাঙৰকৈ তথ্যখিনি উপস্থাপন কৰে ।
মধ্যমীয়া: মান্যতাপ্ৰাপ্ত আখৰৰ জোখত তথ্যখিনি উপস্থাপন কৰে ।
অলপ সৰু: মান্যতাপ্ৰাপ্ত আখৰতকৈ অলপ সৰু আকাৰত তথ্যখিনি উপস্থাপন কৰে ।
আটাইতকৈ সৰু: আটাইতকৈ সৰু আকাৰৰ আখৰত তথ্যখিনি উপস্থাপন কৰে ।
আখৰৰ আকাৰ সলনি কৰিবলৈ:
ৰঙৰ সালসলনি কৰা:
ৰঙৰ সালসলনি কৰাটোৱে পঢ়াৰ সুবিধাৰ বাবে এটা খাপখোৱা পাছফালৰ ৰং আৰু আখৰৰ ৰং নিৰ্বাচিত কৰাক বুজায় । ৰং সলনি কৰিবৰ বাবে আপোনাক দুটা বিকল্প দিয়া হৈছে । সেয়া হ'ল:
উচ্চ কন্ট্ৰাস্ট: ইয়াত ক'লা ৰংটো পৃষ্ঠাভাগত দিয়া হয় আৰু আখৰত এটা যথোপযুক্ত ৰং দিয়া হয় যাতে পঢ়িবলৈ সুবিধা হয় ।
মান্যতাপ্ৰাপ্ত কন্ট্ৰাষ্ট: ইয়ে স্ক্ৰীণখনক পুণৰ পূৰ্বৰ ৰূপলৈ ঘুৰাই আনে ।
ৰং সলনি কৰিবৰ বাবে:
টোকা: ৰঙৰ সালসলনিয়ে স্ক্ৰীণত থকা ছৱিসমূহৰ কোনো সালসলনি নকৰে ।